নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্ৰ শিক্ষা অভিযানৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ৩ জুনঃ আজি বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত সমগ্ৰ শিক্ষা অভিযান, তিনিচুকীয়াৰ উদ্যোগত জিলা ভিত্তিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অষ্টমৰ পৰা  দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে  বিদ্যালয়সমহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বিতোপন হাজৰিকাই, লগতে উপস্থিত থাকে সমগ্ৰ শিক্ষা তিনিচুকীয়াৰ জিলা আচঁনি বিষয়া দীপক বৰগোঁহাই, জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক সঞ্জয় প্ৰাণ ঠাকুৰ, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  শিক্ষক নিৰঞ্জন বৰুৱা ৷ প্ৰতিযোগিতাত সৰ্বমুঠ ১২ টা দলে যোগদান কৰে ৷ কুইজ মাষ্টাৰ হিচাপে চেনাইৰাম উচ্চতৰ  মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সৌৰভ দাস আৰু দেৱজিত কোঁৱৰ উপস্থিত থাকে ৷ স্ক’ৰিঙত  সহযোগ কৰে  বাহিচুদ্দিন চেক ৷ প্ৰথম স্থান অধিকাৰ কৰে বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ  বিজু প্ৰজা আৰু দিকুমণি কলিতা, দ্বিতীয় স্থান অধিকাৰ কৰে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  মৃগাংক ডেকা আৰু  আমিনুৰ ইছলাম,  তৃতীয়  স্থান অধিকাৰ কৰে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কুইন দুৱৰা আৰু গৌৰী বৰুৱাই ৷ অনুষ্ঠানটোৰ সফল ৰূপায়ণত সহযোগ কৰে সমগ্ৰ শিক্ষা অভিযানৰ FLN কনছালটেণ্ট সূৰুয ভূঞা আৰু খণ্ড সমল ব্যক্তি দুৰ্জয় লোচন চেতিয়াই ৷

প্ৰেৰক বিবেক বড়া

You might also like