নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত জৱাহৰ নৱোদয় বিদ্যালয়ত মাৰপিটৰ ঘটনাঃ একাদশ শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰ নৱম শ্ৰেণীৰ ছাত্ৰক 

বিশেষ বাৰ্তা, ৬ আগষ্ট : তিতাবৰৰ বৰএৰা অঞ্চলত অৱস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰা এক ঘটনা সংঘটিত হৈছে।যোৱা ৩ আগষ্টৰ এই মাৰপিটৰ ঘটনাত হোষ্টেলতোৰ কেইবাজনো ছাত্ৰ আহত হৈ নিজ গৃহত আশ্ৰয় লব লগা হৈছে।এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয় খনত আজি অভিভাৱক সকলকলৈ এখন সভা অনুষ্ঠিত হোৱাত সভাত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।ইয়াৰ পাছতহে ঘটনা পোহৰলৈ আহে।এই সন্দৰ্ভত আহত ছাত্ৰ সকলৰ অভিভাৱক সকলে জানিব দিয়া মতে বিদ্যালয়খনৰ হোষ্টেলত একাদশ শ্ৰেণীৰ ছাত্ৰই বিনা কাৰণত বিভিন্ন সময়ত নৱম শ্ৰেণীৰ ছাত্ৰ সকলক মাৰপিত কৰি আহিছে।যোৱা তিনি আগষ্টৰ দিনা নিশা প্ৰায় তিনি বজাত নৱম শ্ৰেণীৰ ছাত্ৰ সকলক বাথৰুমত ভৰাই একাদশ শ্ৰেণীৰ ছাত্ৰৰ কাপোৰ ধুবলৈ দি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে।আনকি জ্যেষ্ঠ কেইবাজনো ছাত্ৰই পেন্টৰ বেল্ট খুলি প্রহাৰ কৰাত কেইবাজনো ছাত্ৰৰ নাক কান শৰীৰৰ বিভিন্ন ঠাইত গুৰুতৰ ভাবে আহত হয়।দুগৰাকী ছাত্ৰই জানিব দিয়া মতে হোষ্টেলৰ একাদশ শ্ৰেণীৰ ছাত্ৰই ইয়াৰ আগতে বিভিন্ন কাম কৰিব দি কনিষ্ঠ ছাত্ৰক প্ৰহাৰ কৰি আহিছে।বিশেষকৈ ভাত আনিব দিয়া, কাপোৰ ধুব দিয়া এই কামবোৰ কনিষ্ঠ ছাত্ৰক কৰিব দিয়ে যদিহে ছাত্ৰ জনে নকৰে তেন্তে ছাত্ৰ জনক প্ৰহাৰ কৰে।নৱম শ্ৰেণীৰ ছাত্ৰ কেইজন গুৰুতৰ ভাবে আহত হোৱাত অভিভাৱক সকল বিদ্যালয়ত উপস্থিত হৈ নিজ নিজ গৃহলৈ সন্তানক নি চিকিৎসা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।যোৱা তিনি আগষ্টৰ এই ঘটনাকলৈ আজি বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু অভিভাৱক সকলৰ মাজত এখন সভা অনুষ্ঠিত হয়।সভাত অভিভাৱক সকলে একাদশ শ্ৰেণীৰ অপৰাধী ছাত্ৰ সকলক কঠোৰ শাস্তি দিয়াৰ দাবীত সভা গৃহ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।এই ঘটনাৰ সন্দৰ্ভত মতামত জানিব বিচৰাত কেন্দ্ৰীয় এই বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শান্তিলাল টেলিয়ে এই প্ৰতিবেদকক কয় যে যোৱা ২০ জুলাইৰ পৰা পাঠদান আৰম্ভ হৈছে। হোষ্টেলত যি ঘটনা সংঘটিত হৈছে এইয়া সম্পূৰ্ণ তদন্ত কৰা হব।আৰু তদন্তত যি দোষী প্ৰমাণিত হয় তেনে ছাত্ৰৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰা হব।আৰু অনাগত সময়ত এনে ঘটনা পুনৰ সংঘটিত হব দিয়া নহব বুলি ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীয়ে জানিব দিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি অধ্যয়ন কৰা কেন্দ্ৰীয় এই বিদ্যালয়খনৰ ঘটনাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক প্ৰণৱজ্যোতি কলিতা

You might also like