নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱায়ানাড়ত জিকিবলৈ নিষিদ্ধ পিএফআইৰ সহায় লৈছে ৰাহুলে

🔹 কর্ণাটকত নির্বাচনী প্রচাৰ চলাই প্রধানমন্ত্রীৰ বিস্ফোৰণ

বিশেষ বাৰ্তা, ২৯ এপ্রিল : লোকসভা নির্বাচনৰ প্রচাৰত কংগ্রেছৰ বিৰুদ্ধে প্রতিদিনে বিস্ফোৰক অভিযোগ কৰি আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কালি কর্ণাটকৰ বেলাগাভিত পুনৰ সৰৱ হ’ল প্রধানমন্ত্রী মোদী৷ মোদীয়ে উল্লেখ কৰে যে সামান্য এখন আসন জিকিবলৈ নিষিদ্ধ উগ্রপন্থী সংগঠন ‘পিএফআই’ৰ সহায় লৈছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে৷ কংগ্রেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি মোদীয়ে দাবী কৰে যে কেৰালাৰ ৱায়ানাড় সমষ্টিত নির্বাচন জিকিবলৈ ৰাহুলে নিষিদ্ধ সংগঠন পিএফআইৰ সহায় লৈছে৷ এই সংগঠনটোক বিজেপিয়ে নিষিদ্ধ কৰিছিল৷ সংগঠনটোৰ নেতাসকলক বিজেপিয়ে কাৰাগাৰত নিক্ষেপ কৰিছিল যদিও তেনে এটা দেশবিৰোধী নিষিদ্ধ সংগঠনৰ সহায় আজি কংগ্রেছে নির্বাচন জিকিবলৈ ল’বলগীয়া হৈছে বুলি উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ প্রধানমন্ত্রীয়ে এই কথাও উল্লেখ কৰে যে কংগ্রেছে দেশৰ ইতিহাস লিখিছে নিজৰ ভোটবেংকৰ কথা ভাবি৷ বর্তমান কংগ্রেছৰ ‘যুৱৰাজ’ ৰাহুল গান্ধীয়ে সেই পাপ কাম আগবঢ়াই নিছে৷ ৰাহুলে আনকি ভাৰতৰ ৰজা–মহাৰজাসকল অত্যাচাৰী আছিল বুলি মন্তব্য কৰাৰ কথাও উল্লেখ কৰে মোদীয়ে৷ ৰাহুলে ৰজা–মহাৰজাসকলৰ অত্যাচাৰ কেৱল দেখিবলৈ পায়, কিন্তু নিজাম–নবাবসকলৰ অত্যাচাৰ দেখা নাপায় বুলিও কংগ্রেছ নেতাজনক কটাক্ষ কৰে মোদীয়ে৷ এই নির্বাচনী সমাৱেশতে মোদীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে– ‘ৰাহুলে ৰজা–মহাৰজাসকলৰ বিৰুদ্ধে অভিযোগ কৰিছে, ৰজা–মহাৰজাসকলে হেনো দুখীয়া মানুহৰ সম্পত্তি কাঢ়ি নিছিল৷ কংগ্রেছৰ যুৱৰাজে ছত্রপতি শিৱাজী, ৰাণী ছান্নামাসকলৰ দৰে মহান ব্যক্তিসকলক অপমান কৰিছে৷ যিসকলৰ দেশপ্রেমৰ কাহিনী আজিও আমাৰ বাবে প্রেৰণাদায়ক৷ ৰাহুলে ৰজা–মহাৰজাসকলক লৈ কয়, কিন্তু নিজাম–নবাবসকলৰ অত্যাচাৰক লৈ তেওঁৰ মুখ বন্ধ৷’ ৰাহুলক কটাক্ষ কৰিবলৈ গৈ মোগল সম্রাট ঔৰংগজেৱকো প্রসংগক্রমে টানি আনে প্রধানমন্ত্রী মোদীয়ে৷ মোদীয়ে দাবী কৰে যে কংগ্রেছৰ ‘যুৱৰাজ’ ৰাহুলে ঔৰংগজেৱৰ কথা নকয়, যিয়ে দেশৰ ধর্মস্থান ধ্বংস কৰিছিল, যিয়ে হাজাৰ হাজাৰ মন্দিৰ ধ্বংস কৰিছে, তেওঁলোকৰ কথা ৰাহুলে নকয়৷ যিসকলে গো–হত্যা কৰিছিল, তেওঁলোকৰ কথা ৰাহুলে ক’বলৈ টান পায় বুলি উল্লেখ কৰি মোদীয়ে কয় যে কেৱল দেশৰ ৰজা–মহাৰজাসকলক ৰাহুলে অপমান কৰে৷

You might also like