শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশ সমীৰণ বৰাই আমগুৰি ৰাজহ চক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰি মাংসৰে প্ৰস্তুত কৰা খাদ্য সামগ্ৰী আৰু গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰি এক নিৰ্দেশ দিছে৷
সাম্প্ৰতিক সময়ত শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মগৰহাট ৰজাবাৰী গাঁৱত গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পোৱা সন্দৰ্ভত জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা পোৱা তথ্যৰ আধাৰত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ৰ ১৬৩নং ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে৷ এই নিষেধাজ্ঞাৰ লগতে আমগুৰি ৰাজহ চক্ৰৰ অধীনত গাহৰি কটাৰ লগতে ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
তদুপৰি আমগুৰি ৰাজহ চক্ৰৰ অধীনত গাহৰিৰ মৃত্যু সম্পৰ্কীয় যিকোনো বিষয়/বাতৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰাৰ লগতে মৃত গাহৰি দকৈ গাঁত খান্দি তথা কঠোৰ জৈৱ সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰি পুতি থোৱাটো বাধ্যতামূলক কৰা হৈছে। লগতে গাহৰি উৎপাদক তথা গাহৰি পালকে নতুনকৈ কোনো স্থানত যাতে আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণ বিস্তাৰ হ’ব নোৱাৰে, সেই ক্ষেত্ৰত কঠোৰ জৈৱ সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ নিৰ্দেশটোত কোৱা হৈছে৷ ইয়াৰ উপৰি গাহৰিৰ খাদ্যৰ যিকোনো ধৰণৰ পৰিবহণৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা আগতীয়াকৈ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে বুলি প্ৰকাশ।
নিয়মীয়া বাৰ্তা, আমগুৰি, ২৬ অক্টোবৰ