নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিঙিচকৈ উঠিল খং… ছলমান খানক সন্ত্ৰাসবাদী ঘোষণা কৰিলে পাকিস্তানে

বলীউড অভিনেতা ছলমান খানে শেহতীয়াকৈ ছৌদি আৰবত এটা শ্ব’ৰ সময়ত বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক দেশ বুলি অভিহিত কৰিছিল, যাৰ বাবে এতিয়া ছলমান খানৰ বিৰুদ্ধে চুবুৰীয়া পাকিস্তান খঙত জ্বলি উঠিছে। পাকিস্তানৰ ক্ষোভ এই পৰ্যায় পায় যে শ্বাহবাজ চৰকাৰে ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে। এই বিষয়ে পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে বিজ্ঞপ্তিও জাৰি কৰিছে।

পাকিস্তানৰ গৃহ বিভাগে ছলমান খানক ফৰ্থ শ্বেডিউল (Fourth Schedule)ত অন্তৰ্ভুক্ত কৰিছে অৰ্থাৎ তেওঁক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা হৈছে। এই তালিকা এণ্টি-টেৰ’ৰিজম এক্ট (Anti-Terrorism Act)ৰ অধীনত আহে আৰু ইয়াত অন্তৰ্ভুক্ত ব্যক্তিৰ ওপৰত পাকিস্তানত আইনী কাৰ্য চলাব পাৰি। এই সন্দৰ্ভত আনুষ্ঠানিক বিজ্ঞপ্তিও জাৰি কৰা হৈছে। যদিও ছলমান খান বা তেওঁৰ প্ৰতিনিধিৰ তৰফৰ পৰা এই বিষয়ত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া অহা নাই।

উল্লেখ্য যে ছৌদি আৰবত আয়োজিত জয় ফ’ৰাম ২০২৫ত ভাষণ দিয়াৰ সময়ৰ বলীউড অভিনেতা ছলমান খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে। এই ভিডিঅ’ত তেওঁ কৈছে- “এইবোৰ বেলুচিস্তানৰ লোক, আফগানিস্তানৰ লোক, পাকিস্তানৰ লোক, প্ৰতিজনেই ছৌদি আৰবত কঠোৰ পৰিশ্ৰম কৰি কাম কৰি আছে।” এই বক্তব্যত তেওঁ বেলুচিস্তানৰ নাম পাকিস্তানৰ পৰা পৃথকভাৱে লয়।

এই বক্তব্যৰ পিছতে বলীউডৰ ভাইজানৰ বিৰুদ্ধে পাকিস্তানত অসন্তোষ বিয়পি পৰে। আনহাতে, বেলুচিস্তানৰ বিচ্ছিন্নতাবাদী নেতাসকলে এই বিষয়ক লৈ ছলমান খানক ধন্যবাদ জনাইছে।

ঘটনা সন্দৰ্ভত বেলুচিস্তানক স্বাধীন দেশ বনোৱাৰ দাবী কৰা নেতা মীৰ য়াৰ বলুচে কয়- “ছৌদি আৰবত ভাৰতীয় চলচ্চিত্ৰ জগতৰ দিগগজ ছলমান খানৰ পৃথক বেলুচিস্তানৰ উল্লেখে ছয় কোটি বলুচ নাগৰিকৰ বাবে সুখ কঢ়িয়াই আনিছে।”

তেওঁ আৰু কয়- “ছলমানে এনেকুৱা কৰিছে, যিটো বহু ডাঙৰ দেশেও কৰিবলৈ দ্বিধা কৰে। সাংস্কৃতিক স্বীকৃতিৰ এই সংকেতসমূহ মৃদু কূটনীতিৰ শক্তিশালী মাধ্যম, যিয়ে মানুহৰ হৃদয় সংযোগ কৰে আৰু বিশ্বক বেলুচিস্তানক পৃথক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিবলৈ প্ৰেৰণা যোগায়।”

উল্লেখ্য যে বেলুচিস্তানত চলি থকা স্বাধীনতাৰ যুঁজখনৰ সৰ্ববৃহৎ কাৰণ পাকিস্তান চৰকাৰৰ তৰফৰ পৰা ইয়াৰ জনসাধাৰণৰ সৈতে ভেদভাব। এই প্ৰদেশখন খনিজ সম্পদত অতি সমৃদ্ধ, কিন্তু অৰ্থনৈতিকভাৱে পাকিস্তানৰ সৰ্বাধিক পিছপৰা ৰাজ্য।

You might also like