নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণাঃ ৫০ ঊর্ধ্বৰ ক’ৰোনা আক্রান্ত চিকিৎসাধীন হোৱাটো বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ১৫ মে’: ক্রমাৎ জটিল হৈ পৰা গুৱাহাটী মহানগৰীৰ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে স্বাস্থ্য বিভাগে৷ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত স্বাস্থ্য বিভাগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্রহণ কৰে৷

মুখ্যমন্ত্রীগৰাকীয়ে বৈঠকৰ পাছত প্রকাশ কৰা অনুসৰি ১৭ মে’ৰ পৰা গুৱাহাটীত প্রতিদিনে ২০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে কয়– স্বাস্থ্য বিভাগে প্রতিদিনে এক লাখ লোকক ক’ভিড পৰীক্ষা কৰাৰ লক্ষ্য বান্ধি লৈছে যদিও সেই লক্ষ্যত উপনীত হ’ব পৰা নাই৷ কিন্তু এই লক্ষ্যৰে প্রতিদিনে বৃদ্ধি কৰি গৈছে ক’ভিড পৰীক্ষা৷

বর্তমান গুৱাহাটীত ৭–৮ হাজাৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰি থকা হৈছে৷ ইফালে, ১৭ মে’ৰ পৰাই ৫০ বছৰৰ ঊর্ধ্বৰ কোনো লোক ক’ৰোনাত আক্রান্ত হ’লে তেনে লোকক ক’ভিড হাস্পতাল অথবা ক’ভিড কেয়াৰ চেণ্টাৰলৈ অনাটো বাধ্যতামূলক হ’ব বুলিও আজি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷ যদি আক্রান্ত হোৱা ব্যক্তিগৰাকীৰ বাসগৃহত সুকীয়া শৌচালয় সংলগ্ণ পৃথক কোঠা নাথাকে, তেন্তে তেওঁক ক’ভিড চিকিৎসালয়লৈ স্থানান্তৰ কৰাটো বাধ্যতমূলক হ’ব৷

আনহাতে, কনটেইনমেণ্ট জ’নৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– কোনো কনটেইনমেণ্ট জ’নত যদি দুখীয়া ৰোগী থাকে তেনেহ’লে তেনে ৰোগীক এককালীন সাহায্য হিচাপে দুহাজাৰ টকাৰ খাদ্য–সামগ্রীৰ লগতে অন্যান্য সকাহ প্রদান কৰা হ’ব৷

You might also like