নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCH ত ২০০ বিছনাৰ অত্যাধুনিক আইচিইউ মুকলি

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ৰাজ্যৰ চিকিৎসা আন্তঃগাঁথনিৰ সংবর্ধনেৰে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সংযোজন ঘটিল অত্যাধুনিক সা–সুবিধাসম্বলিত ২০০খন বিছনাযুক্ত এটি নতুন আইচিইউ ব্লক৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বিয়লি আনুষ্ঠানিকভাৱে জিএমচিএইচৰ এই নৱনির্মিত আইচিইউ ব্লক শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উচর্গা কৰে৷ এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রীৰ সৈতে অংগ্রহণ কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো৷

জিএমচিএইচৰ পূর্বৰ পার্কিং এলেকাত ২০ কোটি টকা প্রকল্প ব্যয়েৰে নির্মাণ কৰি উলিওৱা দুমলীয়া আইচিইউ ব্লকটোৰ প্রতিখন বিছনাৰ সৈতেই ভেণ্টিলেটৰ, মনিটৰকে ধৰি প্রয়োজনীয় সকলো অত্যাধুনিক সা–সুবিধাৰ ব্যৱস্থা কৰা হৈছে৷ এনে অত্যাধুনিক চিকিৎসা সা–সৰঞ্জাম তথা উপকৰণ সংযোজনৰ বাবদ ১৩.৭১ কোটি টকা ব্যয় হৈছে৷

স্বাস্থ্যমন্ত্রী মহন্তই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী সিদ্ধান্তৰ আধাৰত স্বাস্থ্য বিভাগে যথেষ্ট কম দিনৰ ভিতৰতে জিএমচিএইচ চৌহদত এই নতুন আইচিইউ ব্লক নির্মাণ কৰি উলিয়াইছে৷ আজি ২০০খন বিছনাৰ অত্যাধুনিক আইচিইউটো মুকলিৰ লগে লগে জিএমচিএইচৰ চিকিৎসা আন্তঃগাঁথনি আৰু অধিক মজবুত হৈ পৰিব৷ সদ্যহতে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবেহে এই আইচিইউ ব্লকত ভর্তি কৰা হ’ব যদিও ভৱিষ্যতে ক’ভিডৰ পৰিস্থিতি নোহোৱা হ’লে ইয়াক আন ৰোগত আক্রান্তসকলৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব৷ ইয়াৰ প্রতিখন বিছনাৰ সৈতেই অত্যাধুনিক সা–সুবিধা উপলব্ধ কৰা হৈছে৷ পুৰুষ আৰু মহিলা চিকিৎসক–স্বাস্থ্য কর্মীসকলৰ বাবে পৃথক ‘ড’নিং এণ্ড ড’ফিং’ এলেকা থকাৰ লগতে নিশাৰ দায়িত্বত থাকিব লগা চিকিৎসক–চিকিৎসা বাবে জিৰণী কক্ষৰো ব্যৱস্থা ৰখা হৈছে৷ তদুপৰি এই আইচিইউ চিকিৎসালয়খনৰ সৈতে এটা ৮০ হাজাৰ লিটাৰ তৰল চিকিৎসা অক্সিজেন মজুত ৰাখিব পৰাকৈ এটা বৃহৎ অক্সিজেন টেংকীও স্থাপন কৰা হৈছে৷ ই উত্তৰ– পূর্বাঞ্চলৰ ভিতৰতে সর্ববৃহৎ অক্সিজেন টেংকী৷

উল্লেখ্য যে নতুন আইচিইউ ব্লক চিকিৎসালয়খন শুভাৰম্ভ কৰাৰ পাছত সদ্যহতে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হৈ থকা জিএমচিএইচৰ মূল চৌহদৰ আইচিইউ ব্লককেইটা পুনৰ আগৰ দৰে আন ৰোগীৰ চিকিৎসাৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে৷

You might also like