নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্বৰ ভিত্তিবৰ্ষ : ছুপ্ৰিম কৰ্টত মহাসংঘৰ গোচৰৰ ১৩ ডিচেম্বৰত পৰৱৰ্তী শুনানি

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ আজি ছুপ্ৰিম কৰ্টৰ ২নং কৰ্টত ৫জনীয়া সাংবিধানিক বিচাৰপীঠত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ এম আৰ শ্বাহ, ন্যায়াধীশ কৃষ্ণ মূৰাৰী, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পমিদিঘন্টম শ্ৰীনৰসিমহাৰ আদালতে প্ৰথমে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ দুটা গোচৰৰ শুনানি লোৱাৰ পিছতেই তালিকাৰ ৩ নম্বৰত থকা অসম সন্মিলিত মহাসংঘৰ ৫৬২/২০১২নং গোচৰৰ শুনানি গ্ৰহণ কৰে। এই গোচৰৰ প্ৰধান গুচৰীয়া মতিউৰ ৰহমান আৰু সহযোগী এন ডি এফ বিৰ প্ৰাক্তন সভাপতি গোবিন্দ বসুমতাৰী। মহাসংঘৰ হৈ অধিবক্তা কমল নয়ন চৌধুৰীয়ে যথানিয়মে মহাসংঘৰ মতিউৰ ৰহমানৰ ৫৬২/২০১২, সদৌ অসম আহোম সভাৰ জ্ঞানানন্দ ফুকনৰ ৮৭৬/২০১৪, অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ককায়েক দীপক নাথৰ ৩১১/২০১৫ আৰু শিক্ষাবিদ প্ৰণৱ কুমাৰ মজুমদাৰৰ ৬৮/২০১৬ৰ গোচৰত কৰ্টক দিবলগীয়া প্ৰতিটো গোচৰৰ চমু প্ৰতিবেদন আৰু শপতনামা দাখিল কৰা হৈছে বুলি উল্লেখ কৰে। লগতে মহাসংঘৰ গোচৰটো মুখ্য গোচৰ ৰূপে পৰিগণিত কৰাৰ ক্ষেত্ৰত হৈ থকা আদালতৰ ক্ৰটি শুধৰাবলৈকো অনুৰোধ জনায়। ৫জনীয়া সাংবিধানিক বিচাৰপীঠে সকলো শুনাৰ পিছত পৰৱৰ্তী শুনানিৰ তাৰিখ ১৩ ডিচেম্বৰ ঘোষণা কৰে। এই সময়ছোৱাৰ ভিতৰত কোনোবা পক্ষই অতিৰিক্ত আন তথ্য দাখিল কৰিব খুজিলে তাৰ বাবে অনুমতি প্ৰদান কৰে । কৰ্টত চৌধুৰীক সহযোগ কৰিছিল অধিবক্তাদ্বয় সমীৰণ শৰ্মা আৰু মনীষ গোস্বামীয়ে। আজি ছুপ্ৰিম কৰ্টত ভাৰতৰ এটৰ্ণি জেনেৰেল ভেঙ্কট ৰমন উপস্থিত আছিল। মহাসংঘৰ প্ৰধান গুচৰীয়া তথা কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে সংবাদ মাধ্যমক ৩ বছৰ ৬ মাহৰ পিছত আৰম্ভ হোৱা সাংবিধানিক বিচাৰপীঠৰ আজিৰ প্ৰাথমিক শুনানিত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। ছুপ্ৰিম কৰ্টৰ ওপৰত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আস্থা অটুট আছে আৰু উচিত তথা ন্যায়সঙ্গত ৰায় পাব বুলি ৰহমানে আশা প্ৰকাশ কৰে ।

You might also like