নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰ মাহত জিএছটি সংগ্ৰহ ১.৫ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ:  অক্টোবৰ মাহত জি এছ টি সংগ্ৰহ ১.৫ লাখ কোটি টকা অতিক্ৰম কৰিছে। অক্টোবৰ মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ হৈছে ১,৫১,৭১৮ কোটি টকা। এতিয়ালৈকে এইটোৱেই দ্বিতীয় সৰ্বাধিক জি এছ টি সংগ্ৰহ হিচাপে প্ৰমাণিত হৈছে। ইয়াৰ পূৰ্বে ২০২২ চনৰ এপ্ৰিল মাহত সৰ্বাধিক জি এছ টি সংগ্ৰহ কৰা হৈছিল। অক্টোবৰ মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহ (জি এছ টি) ১৬.৬ শতাংশ বৃদ্ধি পাই ১.৫২ লাখ কোটি টকা হৈছে। যোৱা বছৰৰ অক্টোবৰ মাহত ১.৩০ লাখ কোটিৰো অধিক জি এছ টি সংগ্ৰহৰ বিপৰীতে এপ্ৰিল মাহত প্ৰায় ১.৬৮ লাখ কোটি টকাৰ অভিলেখ সৃষ্টি কৰিছিল।

You might also like