অনুৰাগ কাশ্যপলৈ চমন মুম্বাই আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ছবি পৰিচালক অনুৰাগ কাশ্যপলৈ চমন জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে। চমন অনুযায়ী কাইলৈ সোধা-পোছা কৰিব আৰক্ষীয়ে।
অনুৰাগ কাশ্যপৰ বিৰুদ্ধে পায়েল ঘোষ নামৰ এগৰাকী অল্পখ্যাত অভিনেত্ৰীয়ে যৌন নিৰ্যাতন অভিযোগ উত্থাপন কৰিছিল। যোৱা ২৩ ছেপ্টেম্বৰত পৰিচালকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰক্ষী থানাত।
২০১৩ চনত পায়েল ঘোষে কাশ্যপৰ কাৰ্যালয়লৈ যাওঁতে তেওঁ যৌন নিৰ্যাতনৰ সন্মুখীন হয় বুলি ৭ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে অলপতে উল্লেখ কৰিছিল। ইয়াৰ পিছতে বলীউড জগতত চৰ্চা লাভ কৰা বিষয়টো সম্পৰ্কত এতিয়া আইনী পদক্ষেপ আৰম্ভ কৰা হৈছে।
কাইলৈ ১১ বজাত পৰিচালক কাশ্যপক আৰক্ষী থানাত উপস্থিত হ’বলৈ চমনযোগে নিৰ্দেশনা দিয়া হৈছে।