নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্টম দিনাও কৃষকৰ প্রতিবাদত উত্তাল দেশ; ৪০ কৃষক সংগঠনৰ প্রতিনিধি–কেন্দ্রৰ বৈঠকত নহ’ল মীমাংসা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত চলাই থকা কৃষক বিদ্রোহে অষ্টম দিনত প্রৱেশ কৰিছে৷ পঞ্জাবৰ কৃষকৰ নেতৃত্বত দেশৰ ৪০তকৈ অধিক কৃষক সংগঠনৰ কর্মীয়ে দিল্লী সীমান্তত বাহৰ পাতি প্রতিবাদ অব্যাহত ৰখাৰ সমান্তৰালকৈ একাংশ কৃষকে কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰি দিয়া দিল্লীৰ বুৰাৰী গ্রাউণ্ডত প্রতিবাদ চলাই আছে৷ কৃষক সংগঠনৰ প্রতিবাদত সেও মানি কেন্দ্রীয় চৰকাৰে বিনাচর্তে কৃষক সংগঠনৰ প্রতিনিধিৰ সৈতে দিল্লীৰ বিজ্ঞান ভৱনত যোৱা ১ ডিচেম্বৰত আলোচনাত বহে যদিও সেই আলোচনা বিফল হোৱাত পুনৰ আজি উক্ত স্থানতেই ৪০টা কৃষক সংগঠনৰ প্রতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছে৷ এই আলোচনাৰ সময়ত তাৎপর্যপূর্ণভাৱে কৃষক সংগঠনৰ প্রতিনিধিয়ে চৰকাৰে যোগান ধৰা খাদ্য গ্রহণ নকৰিলে৷ প্রতিনিধিসকলে নিজেই লগত নিয়া আহাৰ গ্রহণ কৰাৰ পাছত চৰকাৰৰ সৈতে মধ্যাহ্ণ ভোজনৰ বিৰতিৰ পাছত আলোচনাত মিলিত হয়৷

আলোচনাত কি মীমাংসা হৈছে, সেই সন্দর্ভত এতিয়াও জানিব পৰা হোৱা নাই যদিও কৃষক সংগঠনসমূহে একত্রিতভাৱে চৰকাৰৰ ওচৰত কৃষি আইন প্রত্যাহাৰৰ বাবে বিশেষ সংসদৰ অধিৱেশনখন আয়োজনৰ দাবী কৰিছে৷ বিশেষ সূত্রত প্রকাশ পোৱা মতে, কৃষক সংগঠনসমূহে এম এছ পি (নূ্যনতম সমর্থন মূল্য) সন্দর্ভত নতুন আইন প্রৱর্তনৰো দাবী জনাইছে৷ কৃষক প্রতিনিধি আৰু কেন্দ্রীয় চৰকাৰৰ মাজত প্রায় সাত ঘণ্টা ধৰি তিনি কৃষি আইনক লৈ আলোচনা চলে যদিও বৈঠকত কোনো মীমাংসা নোলাল৷ কৃষক প্রতিনিধিয়ে তিনি আইন প্রত্যাহাৰ কৰাৰ লগতে এম এছ পি সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰে৷

আলোচনাৰ অন্তত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ সিং টোমৰে কয় যে কৃষক সংগঠনৰ সৈতে আলোচনা কৰাৰ ক্ষেত্রত চৰকাৰৰ কোনো ইগ’ নাই৷ মুকলি মনেৰে চৰকাৰে প্রতিবাদী কৃষক সংগঠনৰ সমস্যাসমূহ শুনিছে৷ তেওঁলোকে সমগ্র আইনখন প্রত্যাহাৰ কৰাটো বিচাৰিছে৷ চৰকাৰে এইক্ষেত্রত আইনখন সংশোধন কৰাৰ লগতে এম এছ পি সন্দর্ভত কৃষকৰ শংকা আঁতৰোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ প্রতিবাদী কৃষকৰ সমস্যাসমূহক লৈ পৰৱর্তী বৈঠক অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব বুলিও মন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷

You might also like