নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালতো পূর্ণগতিত চলিছে বেলতলাৰ কয়লা ছিণ্ডিকেট; কোন এই ছনু?

  • কাশ্যপৰ সন্ত্রাসে কঁপাইছে বেলতলাৰ কয়লা বজাৰ
  • কোন এই ছনু?
  • গণেশগুৰিৰ ফুটপাথৰ কাপোৰ বেপাৰী কোটিপতি হ’ল কিদৰে?

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ  ক’ৰোনাৰ সংক্রমণেও ৰোধ কৰিব নাই বেলতলাৰ কয়লা ছিণ্ডিকেট বাহিনীৰ তাণ্ডৱ৷ প্রথমে সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ সুবিধা লৈ বেলতলাত ছনু নামৰ বিহাৰী মাফিয়া এজনৰ নেতৃত্বত আৰম্ভ হোৱা কয়লা ছিণ্ডিকেট বর্তমানৰ ক’ৰোনাৰ বিভীষিকাৰ সময়তো পূর্ণগতিত অব্যাহত আছে৷ বেলতলাৰ কয়লা ব্যৱসায়ী আৰু কয়লা পৰিবাহী ট্রাকচালকৰ বাবে এতিয়া সন্ত্রাস হৈ পৰিছে এই বিহাৰী মাফিয়া ছনু৷

স্বাভাৱিকতে প্রশ্ন উঠে– কোন এই ছনু? ছনু ওৰফে অনিল কাশ্যপ নামৰ বিহাৰী যুৱকজনৰ পৰিচয় কিছুদিন পূর্বলৈ আছিল গণেশগুৰিৰ ফুটপাথৰ কাপোৰ বেপাৰী হিচাপে৷ এই গণেশগুৰিৰ কাপোৰ ব্যৱসায়ীজনেই এতিয়া কয়লা ছিণ্ডিকেটৰ কৃপাত কোটিপতি যুৱক৷ বেলতলাত কাশ্যপ বুলি ক’লেই কয়লা ব্যৱসায়ীৰ মাজত সন্ত্রাসৰ সৃষ্টি হয়৷ কাশ্যপৰ সন্ত্রাসত কম্পমান বেলতলাৰ কয়লা বজাৰ৷ অনিল কাশ্যপ ওৰফে ছনুৱে এতিয়া নিয়ন্ত্রণ কৰে বেলতলাৰ অবৈধ কয়লা ছিণ্ডিকেট৷ প্রকৃততে মহানগৰীৰ এজন বিতর্কিত কোটিপতি অনা–সমীয়া ব্যৱসায়ীৰ আত্মীয় হোৱাৰ সূত্রেই বেলতলা কয়লা বজাৰত ছনু ওৰফে অনিল কাশ্যপে নির্বিবাদে সংগ্রহ কৰি গৈছে গুণ্ডাকৰ৷

আনকি এই অনা–সমীয়া ব্যৱসায়ীজনৰ ব্যক্তিগত বাউন্সাৰকো ছনুৱে নিয়োগ কৰি আহিছে কয়লা ট্রাকৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰাত৷ প্রকৃততে মহানগৰীৰ খাৰঘুলি পাহাৰত বাস কৰা এই অনা–সমীয়া ব্যৱসায়ীজনৰ পৰোক্ষ নিয়ন্ত্রণতে পৰিচালিত হৈছে বেলতলাৰ অবৈধ কয়লা ছিণ্ডিকেট৷ মুখ্যমন্ত্রীৰ কার্যালয়ৰ এজন বিতর্কিত বিষয়া আৰু অসম আৰক্ষীৰ এজন শীর্ষ বিষয়াৰ আশীর্বাদতেই এই অনা–সমীয়া ব্যৱসায়ীজনে দূৰৰ পৰা নিয়ন্ত্রণ কৰি আহিছে বেলতলাৰ অবৈধ কয়লা ছিণ্ডিকেট৷ বেলতলাত এই বিতর্কিত ব্যৱসায়ীজনৰ এজেণ্ট ৰূপে আত্মীয় ছনুৱে মেঘালয়ৰ পৰা প্রৱেশ কৰা কয়লাভর্তি ট্রাকৰ পৰা অসম এণ্ট্ৰী হিচাপে সংগ্রহ কৰে ২৫ হাজাৰকৈ টকা৷

নির্বাচনৰ সময় আৰু পৰৱর্তী সপ্তাহত প্রতিনিশাই বেলতলাত ১০০ৰ পৰা ১৫০খনকৈ কয়লা ট্রাক প্রৱেশ কৰিছিল যদিও এতিয়া ১৫০ৰ পৰা ২০০খনকৈ ট্রাক প্রতিনিশাই বেলতলাত প্রৱেশ কৰি আহিছে৷ উল্লেখ্য যে মেঘালয়, তিনকিলো, ডিমা হাছাও আদিৰ পৰা অহা কয়লাভর্তি ট্রাকসমূহ বর্ণিহাটৰ পৰা ছিণ্ডিকেট চক্রই নিয়ন্ত্রণ কৰে৷ প্রতিনিশাই অসম এণ্ড্রীৰ ২৫ হাজাৰ টকা আদায় দিয়া ট্রাকসমূহৰ নম্বৰ ছনুৰ মাফিয়া বাহিনীয়ে হোৱাটছএপযোগে আৰক্ষীলৈ প্রেৰণ কৰে আৰু সেই নম্বৰৰ ট্রাকসমূহ বিনাদ্বিধাই আহি বেলতলাৰ ১৩ নম্বৰ গলিত প্রৱেশ কৰে৷ বেলতলাৰ এই ১৩ নম্বৰ গলিয়ে হৈ পৰিছে কয়লা ছিণ্ডিকেট চক্রৰ ঠিকনা৷

উল্লেখ্য যে অসম এণ্ট্ৰীৰ ২৫ হাজাৰ টকা আদায় নিদিয়াকৈ এখনো যদি কয়লাভর্তি ট্রাক বেলতলাত প্রৱেশ কৰে, সেই ট্রাকৰ চাবিপর্যন্ত আৰক্ষীয়ে কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ এই বিষয়টোৱে যোৰাবাট আৰু বশিষ্ঠ আৰক্ষীৰ সৈতে কয়লা ছিণ্ডিকেট বাহিনীৰ দহৰম–মহৰম স্পষ্ট কৰি তুলিছে৷ ইফালে, বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়াজনৰ সৈতে মুখ্যমন্ত্রী কার্যালয়ৰ বিতর্কিত ছিণ্ডিকেটৰ কাণ্ডাৰী বিষয়াজনৰ ঘনিষ্ঠতা সর্বজনবিদিত৷ এই সৰল সমীকৰণতেই এতিয়া নির্বাচন–ক’ৰোনা সংক্রমণৰ কালতো বেলতলাত অব্যাহত আছে অবৈধ কয়লা ছিণ্ডিকেট৷ চলিত এপ্রিল মাহত প্রতিনিশাই বেলতলাত অবৈধ কয়লা ট্রাকৰ পৰা সংগ্রহ হৈ আহিছে প্রায় ৫০ লাখকৈ টকা৷

এই গুণ্ডাকৰৰ ভাগ ক’লৈ যায় সেয়া সহজেই অনুমেয়৷ অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ পৰা মুখ্যমন্ত্রী কার্যালয়ৰ বিতর্কিত বিষয়াৰ পকেট গধুৰ হৈছে বেলতলা কয়লা ছিণ্ডিকেটৰ অবৈধ গুণ্ডাকৰৰ ধনেৰে৷ নিয়ন্ত্রণত বিতর্কিত অনা–সমীয়া ব্যৱসায়ী আৰু তেওঁৰ আত্মীয় কেইদিনমানতে কোটিপতি হৈ পৰা গণেশগুৰিৰ ফুটপাথৰ কাপোৰ ব্যৱসায়ী ছনু ওৰফে অনিল কাশ্যপ৷ এই ছনু ওৰফে কাশ্যপেই এতিয়া বেলতলাৰ কয়লা বজাৰৰ সন্ত্রাস৷

You might also like