নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ উইকেটত পৰাস্ত মুম্বাই ইণ্ডিয়ানছঃ জয়েৰে দ্বিতীয় স্থানলৈ দিল্লী কেপিটেলছ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি আই পি এলৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে দিল্লী কেপিটেলছ৷ মঙলবাৰে চেন্নাইত অনুষ্ঠিত মেচখনত দিল্লীয়ে ছয় উইকেটত জয়লাভ কৰে৷ মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ১৩৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শিখৰ ধাৱনৰ ৪৫, ষ্টিভেন স্মিথৰ ৩৩ আৰু ললিত যাদৱৰ অপৰাজিত ২২ ৰানৰ সহায়ত দিল্লীয়ে ১৯.১ অভাৰত চাৰিটা উইকেট হেৰুৱাই প্রয়োজনীয় ৰানখিনি সংগ্রহ কৰে৷ হেটমায়েৰে ১৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ অ’পেনাৰ পৃথ্বি শ্ব আৰু অধিনায়ক পণ্ট উভয়ে সাত ৰান কৰে৷ মুম্বাইৰ হৈ জয়ন্ত যাদৱ, যশপ্রীত বুমৰাহ, ৰাহুল চহৰ আৰু কিৰণ পোলার্ডে এটাকৈ উইকেট লাভ কৰে৷

উল্লেখ্য যে দিল্লী কেপিটেলছে এতিয়ালৈকে চাৰিখন মেচ খেলি তিনিখনত জয় আৰু এখনত পৰাস্ত হৈ ছয় পইণ্ট অর্জন কৰিছে৷ইয়াৰ পূর্বে টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি অভিজ্ঞ স্পীনাৰ অমিত মিশ্রৰ দর্শনীয় বলিঙৰ সন্মুখত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্রহ কৰে৷ অধিনায়ক ৰোহিত শর্মাৰ বাহিৰে বাকীসকল বেটছমেনে দিল্লী কেপিটেলছৰ বলাৰক প্রত্যাহ্বান জনাব নোৱাৰিলে৷ ৰোহিত শর্মাই সর্বাধিক ৪৪ ৰান কৰাৰ লগতে ঈশান কিশনে ২৬, সূর্য কুমাৰ যাদৱে ২৪ আৰু জয়ন্ত যাদৱে ২৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ কুইণ্টন ডি কক (২)ৰ লগতে সম্পূর্ণৰূপে ব্যর্থ হয় হার্দিক পাণ্ডিয়া (০), ক্রুনাল পাণ্ডিয়া (১) আৰু কিৰণ পোলার্ড (২)৷ ইনিংছ মুকলি কৰিবলৈ আহি দলীয় স্ক’ৰ ৯ ৰানত ডি ককক হেৰুৱাই বিপদত পৰে মুম্বাই বাহিনী৷

অৱশ্যে ৰোহিতে সূর্য কুমাৰৰ সৈতে দ্বিতীয় উইকেটৰ যুটিত ৫৮ ৰান সংগ্রহ কৰাৰ সময়তে বিদায় লয় আৰু ইয়াৰ পিছতে দলটো পুনৰ শ’লঠেকত পৰে৷ পৰৱর্তী সময়ত দলটোৰ কোনো এটা যুটিয়ে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ দিল্লী কেপিটেলছৰ হৈ অমিত মিশ্রই সর্বাধিক চাৰিটা উইকেট লাভ কৰাৰ লগতে আভেছ খানে দুটা, ষ্টইনিছ, ৰাবাডা আৰু ললিতে এটাকৈ উইকেট লয়৷

You might also like