নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ পদূলিত চেনেহৰ ব’হাগঃ তাৰকা কণ্ঠশিল্পীৰ আমন্ত্রণেৰে বেংগালুৰুত ‘ৰঙালী’ৰ আয়োজন

 

  • ৰঙালী বিহুৰ ৰঙত মন-প্ৰাণ ৰঙীন প্ৰৱাসী অসমীয়াৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল: ফাগুনে লঠঙা কৰা গছ–বিৰিখৰ কোমল কুঁহিপাতে বিনন্দীয়া কৰি তুলিছে পৰিৱেশ৷ বৰদৈচিলাই দি থৈ যোৱা বসন্তৰ আগমনৰ বতৰা পাই কুঁহিপাতৰ আঁৰত ৰৈ বিনাইছে কুলিয়ে৷ থৌকিবাথৌ হৈ পৰিছে অসমীয়াৰ মন৷ কিয়নো অসমীয়াৰ পদূলিত আগমন ঘটিছে চেনেহৰ ব’হাগ বিহুৰ৷ ৰঙালীক আদৰিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ব্যাপক প্রস্তুতি৷
ৰাজ্যবাসীৰ সমান্তৰালকৈ
দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা আৰম্ভ কৰি টেমছৰ পাৰলৈকে এতিয়া সকলোতে ৰহালী বিহুৰ ব্যাপক প্ৰস্তুতি। প্ৰৱাসত থাকিলেও প্ৰতিজন অসমীয়াই নিজৰ বাপতি সাহোন ৰঙালী বিহুটি পালনৰ বাবে ব্যস্ত হৈ পৰিছে।
ইফালে বেংগালুৰুতো আৰম্ভ হৈছে ৰঙালী ক আদৰাৰ প্ৰস্তুতি। অসমৰ পৰা প্ৰায় ৩০০০ কিলোমিটাৰ দূৰত্বত থকা অসমীয়া লোকসকলে আয়োজন কৰা বসন্ত উৎসৱৰ কাৰ্যসূচী দেওবাৰৰ পৰা আৰম্ভ হৈছে। অসম ছচাইটি অফ বেংগালুৰুৰ উদ্যোগত বেংগালুৰুত অনুষ্ঠিত কৰিছে ‘বসন্ত উৎসৱ ২০২৩’ শীৰ্ষক ৰঙালী বিহুৰ আটকধুনীয়া অনুষ্ঠান। পুলকেশ বৰ্মন, হীৰক জ্যোতি কাকতিকে আদি কৰি একাংশ শিক্ষিত স্বাৱলম্বী যুৱকৰ নেতৃত্বত ব্যাপকভাৱে আয়োজন কৰা হৈছে ২২সংখ্যক বৰ্ষৰ এই ৰঙালী বিহু । উল্লেখযোগ্য যে, আজি গীতৰ যাদুৰে সকলোকে মোহাচ্ছন্ন কৰিব যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। বসন্ত উৎসৱৰ এই অনুষ্ঠানত বিহু হুঁচৰি দলৰ বিহু হুঁচৰি প্ৰদৰ্শনৰ লগতে নৰ্থ ইষ্ট ফুড ফেষ্টিভেলো অনুষ্ঠিত কৰিছে।
ঢ়োল–পেঁপাৰ শব্দৰে ৰজনজনাব বেংগালুৰুৰ আকাশ–বতাহ। জুবিন গাৰ্গৰ লগতে অসম ছচাইটি অফ বেংগালুৰুৰ উদ্যোগত আয়োজিত হৈছে লাডু পিঠাৰ প্ৰতিযোগিতা, বিহু কুঁৱৰী প্ৰতিযোগিতা।

– ডেইজী দেবী

You might also like