নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ ফেব্রুৱাৰীত ভাৰত বন্ধ–চকা বন্ধ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ  অহা ২৬ ফেব্রুৱাৰীত ভাৰত বন্ধ৷ সামগ্রী আৰু সেৱা কৰ, চমুকৈ জি এছ টি ব্যৱস্থাক পুনৰীক্ষণৰ দাবীৰে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছে (চি এ আই টি) অহা ২৬ ফেব্রুৱাৰীত ভাৰত বন্ধ ঘোষণা কৰিছে৷ উক্ত দিনা দেশজুৰি সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰখাৰ লগতে চকাবন্ধ তথা পথ অৱৰোধ কার্যসূচীও ৰূপায়ণ কৰিব৷

চি এ আই টিয়ে ঘোষণা কৰা ভাৰত বন্ধৰ সময়ত সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখি দেশজুৰি ১,৫০০তকৈ অধিক স্থানত ধর্ণা কার্যসূচী ৰূপায়ণ কৰিব৷ এই ধর্ণা কার্যসূচীৰ জৰিয়তে চি এ আই টিয়ে কেন্দ্র–ৰাজ্য চৰকাৰ আৰু জি এছ টি পৰিষদক জি এছ টি ব্যৱস্থা পুুনৰীক্ষণৰ দাবী জনাব৷ ইপিনে সর্বভাৰতীয় ব্যৱসায়িক সন্থাৰ এই ভাৰত বন্ধ কার্যসূচীক পূর্ণ সমর্থন আগবঢ়াইছে অল ইণ্ডিয়া ট্রেন্সপ’টাছ এছ’চিয়েচনে (এ আই টি ডব্লিউ এ)৷

সংস্থাটোৰ ৰাষ্ট্রীয় সভাপতি মহেন্দ্র আর্যই প্রকাশ কৰা মতে, সংস্থাটোৰ ৰাজ্যিক পর্যায়ৰ সকলো সংস্থাই ২৬ ফেব্রুৱাৰীৰ ভাৰত বন্ধৰ সমর্থন জনাই অসহযোগ কৰিব৷ ইন্ধনৰ মূল্যবৃদ্ধি আৰু নতুন ই–ৱে’ বিল আইন সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব৷

You might also like