নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা মঙলদৈ গ্রন্থমেলা

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ আজিৰ  পৰা ২৮ ফেব্রুৱাৰীলৈ মঙলদৈস্থিত জিলা পুথিভঁৰাল চৌহদত অনুষ্ঠিত হ’ব মঙলদৈ গ্রন্থমেলা–২০২১৷ মঙলদৈ প্রেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সন্থাৰ সহযোগত অনুষ্ঠিতব্য গ্রন্থমেলাখন কাইলৈ বিয়লি ৩ বজাত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই দ্বাৰ উন্মোচন কৰি মুকলি কৰিব৷ ইয়াৰ পিছতেই গ্রন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত হ’ব উদ্বোধনী সভা৷

উক্ত সভাতেই বহুকেইগৰাকী নবীন–প্রবীণৰ গ্রন্থ উন্মোচন কৰা হ’ব৷ সন্ধিয়া ৬ বজাত অসম নাট্য সন্মিলনৰ প্রযোজনাত মঞ্চস্থ কৰিব ‘হঁাহিৰ আঁৰৰ বাঁহী’ নাট৷ মঙলদৈ প্রেছ ক্লাবৰ সাধাৰণ সম্পাদক লক্ষী কলিতা আৰু গ্রন্থমেলা আয়োজক সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা আৰু সমন্বয়ক মুকুট ৰাজ শর্মাই জনোৱা মতে, ২৪ ফেব্রুৱাৰীত দিনৰ ১০ বজাৰ পৰা দৰং জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত হ’ব দক্ষতা বিকাশ কর্মশালা৷ বিয়লি চাৰি বজাত অনুষ্ঠিত হ’বলগীয়া গ্রন্থ উন্মোচনী সভাত ১০গৰাকী বিশিষ্ট লেখকৰ গ্রন্থ প্রকাশ হ’ব৷ সন্ধিয়া সুৰতীর্থ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ অনুষ্ঠানটো উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, নাট পৰিচালক হেমন্ত দত্তই৷ আনহাতে, ২৬ ফেব্রুৱাৰীত দিনৰ ১০ বজাৰ পৰা চিত্রাংকন প্রতিযোগিতা, থিতাতে লিখা স্ব–ৰচিত কবিতা প্রতিযোগিতা, চিয়াগীত প্রতিযোগিতা, সাহিত্য আলাপ, সাহিত্য সন্মিলন অনুষ্ঠিত হ’ব৷ দিনৰ ২ বজাত অধ্যাপক ইদ্রিছ আলীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া মূল সাহিত্য সন্মিলন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ সভাত সাহিত্যিক থানেশ্বৰ মালাকাৰ, অনুৰাধা শর্মা পূজাৰী, ড০ নগেন্দ্র নাথ শর্মা, ড০ বিৰিঞ্চি কুমাৰ মেধি, সাংসদ দিলীপ শইকীয়া, অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মা, অসম শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠই অংশগ্রহণ কৰিব৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ ধনজিৎ ডেকা আৰু মঙলদৈৰ সু–সন্তান ৰাষ্ট্রীয় পর্যায়ৰ ক্রিকেট খেলুৱৈ জিণ্টিমণি কলিতাক সম্বর্ধনা জনোৱা হ’ব৷ সন্ধিয়া ৬ বজাত মঙলদৈ য়ুথ ক্লাবে পৰিৱেশন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ স্বপ্ণালী দাস বৰাই৷ আনহাতে, ২৮ ফেব্রুৱাৰীৰ নিশা স্থানীয় শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া বিচিত্রানুষ্ঠানৰ জৰিয়তে ৬ দিনীয়া গ্রন্থমেলাৰ সামৰণি পৰিব৷

You might also like