নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ম’টেৰাত গুলপীয়া বলৰ টেষ্ট

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ চলিত বর্ষৰ জুনত ক্রিকেটৰ মক্কা লর্ডছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে তৃতীয় টেষ্টলৈ সাজু হৈছে ভাৰত আৰু ইংলেণ্ড৷ বুধবাৰৰ পৰা দুয়োটা দলে আহমেদাবাদত নতুনকৈ নির্মাণ হৈ উঠা বিশ্বৰ সর্ববৃহৎ চর্দাৰ পেটেল ক্রিকেট ষ্টেডিয়ামত শৃংখলাৰ তৃতীয় তথা প্রথমখন গুলপীয়া বলৰ টেষ্ট মেচত অৱতীর্ণ হ’ব৷ দুয়োটা দলে এখনকৈ মেচত জয়েৰে শৃংখলাত সমতা স্থাপন কৰি থকা অৱস্থাত ভাৰত আৰু ইংলেণ্ডৰ প্রধান লক্ষ্য হ’ল টেষ্ট শৃংখলাত অগ্রগতি অর্জনৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ উন্নীত হোৱা৷

উল্লেখ্য যে টেষ্ট ক্রিকেটৰ বিশ্বকাপ হিচাপে পৰিগণিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশৰ বাবে ভাৰতে শৃংখলাটোত অতি কমেও এখন মেচত জয়ী হোৱাৰ লগতে আনখনত অপৰাজিত হৈ থাকিব লাগিব৷ একেদৰে ফাইনেলৰ আশা জীয়াই ৰাখিবলৈ ইংলেণ্ডক দুয়োখন মেচতে জয়ৰ প্রয়োজন৷ ভাৰতৰ তুলনাত ইংলেণ্ডৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ অধিক কঠিন যদিও জ’ ৰুট নেতৃত্বাধীন দলটোৱে প্রথম টেষ্টত শক্তিশালী টীম ইণ্ডিয়াক পৰাস্ত কৰি ইতিমধ্যে শক্তিৰ পৰিচয় দিছে৷

ইফালে, ভাৰতৰ তুলনাত ইংলেণ্ড দলটো দিবা–নৈশ টেষ্টত কিছু পৰিমাণে অধিক অভিজ্ঞ৷ ভাৰতে ইয়াৰ পূর্বে দুখন দিবা–নৈশ টেষ্ট খেলাৰ বিপৰীতে ইংলেণ্ডে তিনিখন দিবা–নৈশ টেষ্ট খেলাৰ অভিজ্ঞতা অর্জন কৰিছে৷ অৱশ্যে দলটোৱে এতিয়ালৈকে ঘৰৰ বাহিৰত দিবা–নৈশ টেষ্টত জয়ৰ মুখ দেখা নাই৷ বার্মিংহামত ব্রিটিছ বাহিনীয়ে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছিল যদিও এডিলেইড আৰু অ’কলেণ্ডত পৰাজয়ৰ সন্মুখীন হৈছিল৷ ২৪ ফেব্রুৱাৰীৰ পৰা ম’টেৰা ষ্টেডিয়ামত আৰম্ভ হ’বলগীয়া মেচখন জ’ ৰুট বাহিনীৰ বাবে হ’ব গুলপীয়া বলৰ চতুর্থখন টেষ্ট৷ ইংলেণ্ডৰ তাৰকা বেগী বলাৰ জেমছ এণ্ডাৰছনে গুলপীয়া বলেৰে ভাৰতক শক্তিশালী প্রত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে৷

অৱশ্যে যশপ্রীত বুমৰাহ, ঈশান্ত শর্মাৰ দৰে তাৰকা বেগী বলাৰেৰে ঘৰুৱা দল টীম ইণ্ডিয়াও দিবা–নৈশ টেষ্টলৈ পূর্ণোদ্যমে সাজু হৈছে৷ দ্বিতীয় টেষ্টত বিশ্রামৰ পিছত বুধবাৰে বুমৰাহে দললৈ প্রত্যাৱর্তন কৰিব৷ ইফালে, দীর্ঘদেহী বেগী বলাৰ ঈশান্ত শর্মাৰ বাবে দিবা–নৈশ মেচখন হ’ব কেৰিয়াৰৰ শততম টেষ্ট৷ ভাৰতৰ হৈ টেষ্ট ক্রিকেটত ৩০০ উইকেট দখল কৰা অভিজ্ঞ বেগী বলাৰগৰাকীয়ে ২০১৪ত ৰাহুল দ্রাবিড়ৰ নেতৃত্বত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাইছিল৷

You might also like