নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাঃ উদণ্ড চালকক প্ৰহাৰ উত্তেজিত লোকৰ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ: ৰঙিয়াৰ তুলসীবাৰীত আজি সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক আহত হয় । তীব্ৰ বেগী নিয়ন্ত্ৰণহীন এক্সইউভি গাড়ীয়ে পথচাৰীক খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য মতে তামুলপুৰৰ বৰখাটাত এএছ-১২-টি-৮৩৫৭ নম্বৰৰ গাড়ীখনে প্ৰথমে এজনক খুন্দিয়াই পলায়ন কৰে । পিছত আৰক্ষীয়ে পিছ লোৱাত গাড়ীখনে তীব্ৰ বেগেৰে আহি ৰঙিয়াৰ তুলসীবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই তিনিজন পথচাৰীক খুন্দিয়ায় । পিছত ৰাইজৰ সহযোগত তুলসীবাৰী আৰক্ষীয়ে গাড়ী খন জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাটোৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উদণ্ড চালকক একাংশ উত্তেজিত লোকে উত্তম-মাধ্যম শোধায়। আৰক্ষীয়ে কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি চালকজনক তামুলপুৰলৈ নিয়ে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like