নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপাল আৰক্ষীৰ জালত মৈৰাবাৰীৰ চাইবাৰ অপৰাধী ইব্ৰাহিম আলী

চাইবাৰ অপৰাধীক বিচাৰি মৰিগাঁও পালেহি অন্ধ্ৰপ্ৰদেশৰ ভূপাল আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দল। দলটোৰ উদ্দেশ্য আছিল ভূপাল আৰক্ষী থানাত ৰুজু হৈ থকা ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩০৮ (২), ৩১৮ (৪), ৩১৯ (২), ৩৩৬ (৩), ৩৪০ (২)ৰ অধীনত ৰুজু হৈ থকা ২১৬/২৫ নম্বৰ গোচৰৰ আচামীক কৰায়ত্ত কৰা। ২১ বছৰীয়া অভিযুক্ত ইব্ৰাহিম আলীৰ ঘৰ মৈৰাবাৰী থানা এলেকাৰ অধীনস্থ গুনাইবৰী গাঁৱত।

দলটোৱে মৈৰাবাৰী আৰক্ষীৰ সহযোগত মঙলবাৰে পুৱতি নিশা অভিযান চলাই মৈৰাবাৰী থানা এলেকাৰ গুনাইবৰী গাঁৱৰ ৭নং ৱাৰ্ডৰ পৰা পলাতক আচামী ইব্ৰাহিম আলীক কৰায়ত্ত কৰে। এই ইব্ৰাহিম আলীৰ বিৰুদ্বে ভূপাল থানাত ৰুজু হৈ আছে চাইবাৰ সংক্ৰান্তীয় গোচৰ।

ইব্ৰাহিম আলীৰ বিৰুদ্ধে বিভিন্ন লোকক অনিয়মেৰে মোবাইলৰ ছিম কাৰ্ড যোগান ধৰাৰ অভিযোগ আছে। তদুপৰি মোবাইল ফোনৰ ছিম কাৰ্ডৰ জৰিয়তে বিভিন্ন লোকক অ’টিপি যোগান ধৰাৰো অভিযোগ আছে ধৃত লোকজনৰ বিৰুদ্ধে।

ইব্ৰাহিম আলীৰ কবলৰ পৰা ভূপাল আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৮৯খন মোবাইলৰ সক্ৰিয় ছিম কাৰ্ড, বন্ধন বেংকৰ পাছবুক, ৩টা মোবাইল ফোন আৰু ইয়েছ বেংকৰ এটা কিউআৰ কোড জব্দ কৰিছে।

নীতিবহিৰ্ভূতভাৱে ছিম কাৰ্ড যোগান ধৰা ইব্ৰাহিম আলীক ভূপাল আৰক্ষীয়ে ভূপাললৈ লৈ যোৱা বুলি জনা গৈছে।

নিয়মীয়া বাৰ্তা, মৈৰাবাৰী, ২০ জানুৱাৰী :

You might also like