নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ক’ভিডৰ দ্রুত সংক্রমণক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰঃ আজিৰ পৰা ৰাজ্যত ক’ভিডৰ নতুন প্রট’কল

  • তলাবন্ধৰ পৰিস্থিতিলৈ ৰাজ্যখনক লৈ নাযাবঃ মুখ্যমন্ত্রীৰ আহ্বান
  • সংক্রমণ ৰোধৰ প্রাৰম্ভিক বাধ্যবাধকতাৰেহে হ’ব নতুন এছঅ’পিঃ স্বাস্থ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ অসমত ক’ভিডৰ সংক্রমণ অধিক বৃদ্ধি পালে জনতাৰ জীৱনৰ সুৰক্ষাৰ স্বার্থত লকডাউন দিয়াৰ ইংগিত দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সোমবাৰে মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত হোৱা এক উচ্চস্তৰীয় পর্যালোচনা বৈঠকৰ পিছতেই মুখ্যমন্ত্রী সোণোৱালে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি কয় যে চৰকাৰে তেনে পর্যায়লৈ নোযোৱাটোতেই বিচাৰে৷ এই মুহূর্তলৈ লকডাউন দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই যদিও সংক্রমণৰ সংখ্যা অধিক বৃদ্ধি পালে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ স্বার্থত তেনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব৷ তেনে পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ বাবে চৰকাৰে দিয়া নীতি–নির্দেশনাসমূহ জনসাধাৰণে পালন কৰি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রী সোণোৱালে সকলোকে সুশৃংখলিতভাৱে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনায়৷

উল্লেখ্য যে অসমতো ক’ভিডৰ সংক্রমণ ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ভিডৰ সংক্রমণ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ৷ ইয়াৰ পৰিপ্রেক্ষিতত সোমবাৰে মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্যৰ শেহতীয়া ক’ভিডজনিত পৰিস্থিতিৰ ওপৰত বিস্তৃত পর্যালোচনা কৰি পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে নতুন কেতবোৰ নীতি–নির্দেশনা প্রস্তুত কৰে৷

ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে আজি এখন সংবাদ মেলযোগে ক’ভিডৰ নতুন এছঅ’পি প্রকাশ কৰিব বুলিও তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ যোৱাবাৰ ক’ভিডৰ সময়ত জনসাধাৰণে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে সফল হোৱাৰ কথা উল্লেখ কৰি কয় যে এইবাৰ চৰকাৰৰ ফালৰ পৰা যুগুতোৱা নীতি–নির্দেশনা জনসাধাৰণক পালন কৰাৰ আহ্বান জনায়৷ প্রতিগৰাকী নাগৰিকৰ সুস্বাস্থ্য অক্ষুণ্ণ ৰখাটো চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে এইক্ষেত্রত অৱহেলা কৰিলে নিজৰ লগতে সমাজখনৰো ক্ষতি কৰা হ’ব৷ জনসাধাৰণক মাস্ক পৰিধান কৰাৰ লগতে নির্দিষ্ট সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখা, সঘনাই হাত ধুই পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থকাৰ লগতে আনকো এইক্ষেত্রত সজাগ–সচেতন কৰি ৰাখিব লাগিব বুলি মুখ্যমন্ত্রী সোণোৱালে মন্তব্য কৰে৷

সেইদৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক’ভিডৰ সাম্প্রতিক পৰিস্থিতিক লৈ আজি মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে সংবাদ মেলযোগে নতুন এছঅ’পি প্রকাশ কৰিব বুলি জানিবলৈ দি কয় যে এই সময়ত সাংবাদিকসকলে জানিব বিচৰা বিভিন্ন প্রশ্নৰ উত্তৰ আজিৰ সংবাদ মেলখনতে লাভ কৰিব৷

মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত পর্যালোচনা বৈঠকখনত স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাই এক পাৱাৰ পইণ্ট প্রেজেণ্টেচনযোগে ৰাজ্যখনত ক’ভিডৰ সংক্রমণৰ শেহতীয়া স্থিতি আৰু ইয়াৰ সৈতে মোকাবিলাৰ বাবে বিভাগটোৱে গ্রহণ কৰা ব্যৱস্থাৱলী সম্পর্কত অৱগত কৰে৷ বিগত কেইটামান দিনত ৰাজ্যত ক’ভিড পৰীক্ষাৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি কৰাৰ ফলত আক্রান্ত লোকৰ হাৰো বৃদ্ধি পোৱাৰ দিশলৈ আঙুলিয়াই প্রতিখন জিলাতে ক’ভিড ৰোগীৰ বাবে পর্যাপ্ত বিছনা উপলব্ধ কৰি ৰখাৰ বিষয়ে উল্লেখ কৰে৷

ৰেমডিচিভিকে ধৰি সকলো ধৰণৰ অত্যাৱশ্যকীয় ঔষধ, ক’ভিড ভেকচিন, অক্সিজেন চিলিণ্ডাৰ আদিও মজুত আছে বুলি অৱগত কৰে৷ সেইদৰে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া জি ডি ত্রিপাঠীয়েও দুর্যোগ ব্যৱস্থাপনা বিভাগে গ্রহণ কৰা ব্যৱস্থাৱলী সম্পর্কে অৱগত কৰাৰ লগতে ১০০গৰাকীতকৈ অধিকসংখ্যক ক’ভিড ৰোগী থকা জিলাসমূহত জনসমাগম ৰোধৰ ক্ষেত্রত কেতবোৰ সুকীয়া বাধা নিষেধ আৰোপ কৰাৰ প্রয়োজনীয়তাৰ কথা দোহাৰে৷ বৈঠকখনত মুখ্যমন্ত্রী সোণোৱালে ক’ৰোনাৰ শেহতীয়া সংক্রমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্রতিখন জিলাতে সকলো দিশৰ পৰা সষ্টম কৰি তুলিবলৈ মুখ্য সচিবক নির্দেশ দিয়ে৷

বিমানবন্দৰ, ৰে’ল ষ্টেচনসমূহৰ লগতে বাছ, ট্রাক টার্মিনাছসমূহতো ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰি তুলিবলৈ নির্দেশ দিয়ে৷ সেইদৰে শ্রীৰামপুৰ আৰু ছাগলীয়াত আন্তঃৰাজ্যিক সীমান্ততো বহিঃৰাজ্যৰ পৰা অহা বাহনসমূহৰ চালক–কর্মচাৰীসক বাধ্যতামূলক ক’ভিড পৰীক্ষা ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷

ইয়াৰ পিছতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিছপুৰ সচিবালয়ত স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াবর্গ আৰু প্রশাসনৰ সৈতে আন এক উচ্চস্তৰীয় বৈঠকত মিলিত হৈ কাইলৈ জাৰি হ’বলগীয়া এছ’পি সন্দর্ভত আলোচনা কৰে৷ মন্ত্রী ড০ শর্মাই এই সন্দর্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কাইলৈ জাৰি হ’বলগীয়া এছঅ’পিখনে ক’ৰোনা সংক্রমণ ৰোধৰ প্রাৰম্ভিক বাধ্যবাধকতাসমূহে সামৰি ল’ব৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ ক’ভিড টেষ্ট বাধ্যতামূলক কৰা হ’ব৷

অৱশ্যে, আজিৰ এছঅ’পিত নৈশ সান্ধ্য আইন বা লকডাউনৰ কোনো নির্দেশ নাথাকে বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ দিল্লী–মুম্বাইত লকডাউন ঘোষণাৰ পাছত অসমলৈ অহা বিমানযাত্রীৰ সংখ্যা হ্রাস পোৱা বুলি উল্লেখ কৰি অহা এটা সপ্তাহৰ ভিতৰত বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা দ্রুতগতিত হ্রাস পাব বুলি কয়৷

আনহাতে, ৰাজ্য চৰকাৰৰ এক সূত্রৰ পৰা জানিব পৰা মতে ক’ভিড সংক্রমণ ৰোধৰ বাবে ৰাজহুৱা স্থানত জনসমাগম হ্রাসৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে৷ সেই অনুসৰি চৰকাৰী–বেচৰকাৰী কার্যালয়ত কর্মচাৰীৰ উপস্থিতি হ্রাস কৰাৰ বিষয়ে সক্রিয়ভাৱে চিন্তা–চর্চা কৰি আছে৷ সেইদৰে ক’ভিড ভেকচিন প্রদান আৰু ক’ভিড পৰীক্ষা ব্যাপক কৰাৰ ওপৰতো চৰকাৰে গুৰুত্ব দিছে৷

You might also like