নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক শ্বেৰমানক গ্রেপ্তাৰ সন্দৰ্ভত ভূপেন বৰাই ক’লে- আইনে ব্যৱস্থা লওক

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ গ্রেপ্তাৰ সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে যিয়ে যি কর্ম কৰিব, সেই অনুসৰি ফল পাব৷ আইনে ব্যৱস্থা লওক৷ তেওঁ যিমান ভুল কৰিছে, সিমান শাস্তি পাব৷

তেওঁ আৰু কয় যে অসম আন্দোলনৰ শ্বহীদ সম্পর্কত বিধায়ক আহমেদে অবাঞ্ছিত মন্তব্য কৰিছিল৷ তাৰ বাবে দলৰ তৰফৰ পৰা তেওঁক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছে৷ দলৰ সংবিধান অনুসৰি কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ দিয়াৰ সময় ১৫ দিন দিব লাগে৷ কিন্তু বিষয়টোৰ স্পর্শকাতৰতালৈ চাই প্রদেশ কংগ্রেছে তেওঁক তিনি দিনৰ সময় দিছে৷ তিনি দিনৰ ভিতৰত তেওঁ উত্তৰ দিয়ক বা নিদিয়ক, দলে ব্যৱস্থা গ্রহণ কৰিব৷ দলে তেওঁৰ বিৰুদ্ধে যি ব্যৱস্থা ল’ব লাগে, সেয়া ল’ব৷

You might also like