নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুণীখাটাত ৪ শতাধিক চোৰাং চিকাৰী–ব্যৱসায়ীৰ আত্মসমর্পণ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ চিৰাং জিলাৰ ৰুণীখাটা আৰক্ষী থানাৰ অন্তর্গত বেংতলত শনিবাৰে ৪ শতাধিক চোৰাং চিকাৰী তথা বনজ সম্পদ ধ্বংস আৰু চোৰাং ব্যৱসায়ৰ সৈতে জড়িত লোকে অস্ত্র সম্বৰণ কৰে৷ শনিবাৰে গান্ধী জয়ন্তীৰ দিনটোত বৃহৎসংখ্যক চোৰাং চিকাৰী আৰু বনজ সম্পদ ধ্বংসৰ সৈতে জড়িত লোকে বন বিভাগৰ ওচৰত আত্মসমর্পণ কৰা কার্যই বি টি আৰৰ বনাঞ্চল সুৰক্ষাৰ ক্ষেত্রত আশাৰ সঞ্চাৰ কৰিছে৷ 

শনিবাৰে দুপৰীয়াৰ ভাগত বেংতলস্থিত বীট অফিচ চৌহদত অনুষ্ঠিত অস্ত্র সম্বৰণ অনুষ্ঠানত চোৰাং চিকাৰত জড়িত দুই শতাধিকে হস্তনির্মিত বন্দুক, গুলী, বিস্ফোৰক সামগ্রী আৰু আন দুই শতাধিকে হোণ্ডা শ্ব মেচিন, হাত কৰত, মটৰচাইকেল, চাইকেল, ড্রলী, বিভিন্ন প্রজাতিৰ পহুৰ শিঙকে ধৰি বিভিন্ন সামগ্রী বন বিভাগক অর্পণ কৰে৷

অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰৰ বন সুৰক্ষা অভিযানলৈ সঁহাৰি জনাই শনিবাৰে এইসকল বন ধ্বংসত জড়িত লোকে মূলসুঁতিলৈ প্রত্যাৱর্তন কৰা কার্যক সকলোৱে প্রশংসা কৰে৷ চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বনাঞ্চলত একমাত্র পেট প্রৱর্তন তথা পৰিয়ালৰ ভৰণ–পোষণৰ স্বার্থতে বনাঞ্চলত সক্রিয় এই চোৰাং চিকাৰী তথা বনজ সম্পদ লুণ্ঠনকাৰীসকলৰ আত্মসমর্পণ বর্তমানৰ অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰৰ বাবে বৃহৎ সফলতা বুলি বন্যপ্রেমী তথা প্রকৃতিপ্রেমীসকলে মত প্রকাশ কৰিছে৷

বি টি আৰৰ বন বিভাগৰ কার্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমত শান্তি স্থাপন আৰু বনজ সম্পদ সুৰক্ষাৰ বাবে গ্রহণ কৰা পদক্ষেপৰ প্রতি সঁহাৰি জনাই বি টি আৰৰ মুৰব্বী প্রমোদ বডোৱে বনজ সম্পদ ধ্বংসৰ সৈতে জডিত লোকসকলক মূলসুঁতিলৈ ঘূৰাই আনি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা হাতত লৈছে৷

বি টি আৰৰ বন বিভাগৰ কার্যবাহী সদস্যজনে  অস্ত্র সম্বৰণ কৰাসকলক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে বি টি আৰৰ প্রধান প্রমোদ বডোৱে পুনৰ সংস্থাপনৰ বাবে ৫০ হাজাৰ টকাৰ আর্থিক অনুদান আগবঢ়োৱাৰ উপৰি অন্যান্যসকলক উন্নয়ন খণ্ডৰ জৰিয়তে বিভিন্ন আঁচনি প্রদান কৰি সংস্থাপনৰ ব্যৱস্থা গ্রহণ কৰা বুলি জানিবলৈ দিয়ে৷ 

অস্ত্র সম্বৰণ অনুষ্ঠানত চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান তথা বি টি আৰৰ আইজিপি এল আৰ বিষ্ণয়, বি টি আৰৰ মুখ্য বন সংৰক্ষক অনুৰাগ সিং, একাধিক ই এম, এম চি এল এ, চিৰাং জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, ইউ পি পি এল দলৰ জ্যেষ্ঠ নেতা ৰণগৌৰা নার্জাৰী প্রমুখ্যে অন্যান্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like