নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকাশৰ অনিৰুদ্ধ যাত্ৰাত মোদীৰ বিকল্প নাই : অতুল বৰা

🔹 প্ৰধানমন্ত্ৰী মোদীৰ ১৭ এপ্ৰিলৰ সভাৰ প্ৰস্তুতি বৈঠক
🔹 নগেন শৰ্মাৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
নিয়মীয়া বাৰ্তা,  ১২ এপ্ৰিল : ভাৰতবৰ্ষক আগবঢ়াই নিব লাগিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকল্প নাই। উন্নয়ন-বিকাশ হৈছে মোদীৰ দিনতে। যি কাম কংগ্ৰেছে দীৰ্ঘদিন শাসন কৰিও কৰিব পৰা নাছিল। গতিকে অসমত কংগ্ৰেছৰ কাম নাই। বাঁওপন্থীসকলে ৰাইজৰ সোঁতৰ বিপৰীতে যায়। গতিকে অসমৰ গৰিষ্ঠসংখ্যক লোকসভাৰ আসন এন ডি এ মিত্ৰজোঁটে লাভ কৰিব আৰু বৰপেটা লোকসভাত অগপৰ জয় নিশ্চিত।- আজি বিয়লি নলবাৰী জিলা অগপৰ কাৰ্যালয়ত বিজেপি, অগপৰ মিত্ৰজোঁটৰ এখন সভাত এইদৰে কয় ৰাজ্যৰ কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই। সভাত ১৭ এপ্ৰিলৰ প্ৰধানমন্ত্ৰীৰ সভাৰ বিভিন্ন দিশ বিস্তৃতভাৱে দাঙি ধৰি ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ঐক্যবদ্ধভাৱে ফণীভূষণ চৌধুৰীক জয়ী কৰাব লাগিব। তেওঁ ভাষণ প্ৰসংগত অগপ কাৰ্যালয় চৌহদত প্ৰয়াত মন্ত্ৰী দেশপ্ৰাণ নগেন শৰ্মাৰ আবক্ষ মূৰ্তি এটাও নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ভাষণত। সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে ফণীভূষণ চৌধুৰীক পাঁচ লাখৰ অধিক ভোটত জয়ী কৰাৰ বাবেহে কাম কৰিব লাগিব। প্ৰধানমন্ত্ৰী মোদীৰ বাবে দেশ আগুৱাই গৈছে। প্ৰতিটো স্তৰত উন্নয়ন আৰম্ভ হৈছে। গতিকে বৰপেটা লোকসভা সমষ্টিত উন্নয়ন হ’ব লাগিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবই লাগিব। ভাষণ প্ৰসংগত কলিতাই কয় যে মোদীৰ সভা শেষ নোহোৱালৈ যাতে কোনোৱে নিজৰ আসনৰ পৰা উঠি নাযায়, তাক নেতৃত্ব দিয়াসকলে লক্ষ্য ৰাখিব লাগিব আৰু পানী পৰ্য্যাপ্ত পৰিমাণে মজুত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে সভাত সকলোৱে যাতে সিদিনা পুৱা ৮ বজাতে সভাস্থলীত উপস্থিত থাকে।কাৰণ প্ৰধানমন্ত্ৰীয়ে ৯ বজাত ভাষণ ৰাখিব। অন্যথা প্ৰধানমন্ত্ৰী অহাৰ সময়ত ৰাইজ গ’লে খেলিমেলি হব। এনেবোৰ কথা বিজেপি-অগপৰ কাৰ্যকৰ্তাসকলক গুৰুত্ব দিবলৈও আহ্বান জনায়। সভাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কয়- সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিলে ফণীভূষণ চৌধুৰী বিশাল ভোটত জয়ী নোহোৱাৰ কথাই নাই।
দেশৰ প্ৰধানমন্ত্ৰী মোদী, ৰাজ্যৰ  মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বলিষ্ঠ নেতৃত্বত সকলো ফালে আগবাঢ়ি গৈছে। যাৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দিবলৈ ৰাইজ সাজু হৈছে বুলিও কয়। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশীয়ে পৰিচালনা কৰা সভাত জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকা, অসম বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, পশুপালন উন্নয়ন নিগমৰ অধ্যক্ষ ড০ তপন দাস, অগপৰ ৰাজ্যিক উপ-সভাপতি আক্ৰাম হুছেইন, সম্পাদক দিলীপ কুমাৰ দাস, যুৱ পৰিষদৰ ৰাজ্যিক নেতা হৃষীকেশ শৰ্মা, জিলা সভাপতি শশীন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক গোকুল মহন্ত, জিলা অগপৰ নেতা ড০ বীৰেন কুমাৰ চক্ৰৱৰ্তী, মদন মালাকৰ, কেশৱ ডেকা, বিজেপিৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ, ৰাজ্যিক যুৱ মৰ্চাৰ উপ-সভাপতি তাপচ কলিতাসহ ভালেমান নেতা উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like