নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহপুৰীয়া এছডিচি অফিচত লাটমণ্ডলসহ দালালক আটক ভিজিলেঞ্চৰ

বাৰ্তা ডিজিটেল ডেস্ক, ৮ জানুৱাৰীঃ বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ৰাজীৱ শইকীয়া নামৰ লাটমণ্ডলসহ দেউৰী উপাধিৰ এজন দালালক আটক। মধ্যভোগী দিব্যজ্যোতি দেউৰীৰ দ্বাৰা ধন লোৱাৰ অভিযোগ লাটমণ্ডল ৰাজীৱ শইকীয়াৰ বিৰুদ্ধে।এতিয়াও অভিযান চলি আছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। আটকাধীন দিব্যজ্যোতি দেউৰী কাৰ্যালয়টোৰ ৰাজহুৱা সুবিধা কেন্দ্ৰৰ কম্পিউটাৰ অপাৰেটৰ ৷

You might also like