নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰস্থিত আলফাৰ শিবিৰত বোমাৰে আক্ৰমণ

বাৰ্তা ডিজিটেল ডেস্ক, ৮ জানুৱাৰীঃ ম্যানমাৰস্থিত আলফাৰ শিবিৰত বোমাৰে আক্ৰমণৰ এক খবৰ পোহৰলৈ আহিছে। এই আক্ৰমণৰ কথা স্বীকাৰ কৰি আলফাৰ পৰা এক বিবৃত্তি প্ৰকাশ কৰা হৈছে। আলফাৰ প্ৰচাৰ বিভাগৰ হৈ ৰুমেল অসম স্বাক্ষৰিত এই বিবৃত্তিত কোৱা হৈছে যে ম্যানমাৰিস্থিত আলফাৰ এটা চলমান শিবিৰত কালি তিনিবাৰকৈ বোমাৰে আক্ৰমণৰ কথা কোৱা হৈছে। এই আক্ৰমণত দুজনকৈ আলফা সদস্য আহত হোৱা বুলি প্ৰকাশ কৰা হৈছে। বিবৃত্তিত কোৱা হৈছে যোৱা ইংৰাজী ৭ জানুৱাৰী ২০২৪ তাৰিখে ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীয়ে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ ম্যানমাৰস্থিত এটা চলমান শিবিৰত তিনিবাৰকৈ ড্ৰোনৰ জৰিয়তে বোমাৰে আক্ৰমণ কৰে৷ প্ৰথমটো আবেলি ৪:১০ বজাত, দ্বিতীয়টো ৪:১২ বজাত আৰু তৃতীয়টো ৪:২০ বজাত আক্ৰমণ কৰে যদিও তৃতীয়টো বিস্ফোৰিত নোহোৱাৰ বিপৰীতে অন্য দুটা আক্ৰমণত আমাৰ সংগঠনৰ দুজন সদস্য সামান্যভাৱে আহত হয়৷ ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই দখলদাৰী বাহিনীৰ দ্বাৰা এনেদৰে সামৰিক অভিযানেৰে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ নেতা, বিষয়া আৰু সদস্য/সদস্যাসকলক লক্ষ্য-উদ্দেশ্য আৰু আদৰ্শৰ পৰা বিচলিত কৰিব পাৰিম বুলি যদি ভাবিছে তেন্তে তেওঁলোকে আকাশত চাং পাতিছে৷ “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠন এক প্ৰবাহমান ধাৰা আৰু ই ইয়াৰ লক্ষ্যত উপনীত নোহোৱালৈকে নিৰৱচ্ছিন্নভাৱে বৈ থাকিব।

You might also like