নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাষ্টাৰ চেফ নয়নজ্যোতিক উষ্ম আদৰণিত তিনিচুকীয়াত

নিয়মীয়াবাৰ্তা, ১ এপ্ৰিল : নেচনেল টেলিভিছনৰ স’নী টিভি চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় মাষ্টৰ চেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব’ৰ( চিজন ৭) বিজয়ী ৰূপত জিলিকি উঠিল অসম সন্তান তিনিচুকীয়াৰ গোবিন্দপুৰৰ যুৱক নয়নজ্যোতি শইকীয়া। নয়নজ্যোতি শইকীয়াক লৈ গৌৰাম্বিত সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাবাসী। মাষ্টৰ চেফ ইণ্ডিয়াত বিজয়ী হৈ প্ৰথমবাৰ ঘৰলৈ উভতা নয়নজ্যোতিক সমগ্ৰ অঞ্চলবাসী লগতে শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনায়। ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টত নয়নজ্যোতি উপস্থিত হোৱাৰ পাছতেই শুভাকাংক্ষীসকলে আদৰ সম্ভাষণ জনোৱা লগতে বাইক ৰেলী কৰি তেওঁক ঘৰলৈ আদৰি আনে। নিজ বাসগৃহ গোবিন্দপুৰত উপস্থিত হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সমগ্ৰ অঞ্চলবাসী, ভকত বৃন্দই গায়ন বায়ন বজাই , সৰু সৰু নাচনীসকলে বিহু কৰি, ঝুমুৰ নাচি লগতে গামোচা পিন্ধাই, ফুল চটিয়াই এক বিশাল সমদল উলিয়াই উষ্ম আদৰণি জনাই । নয়নজ্যোতিয়ে ভকত বৃন্দক সেৱা জনাই আৰ্শীবাদো গ্রহণ কৰে। বিভিন্ন দল সংগঠন তথা অঞ্চলবাসীয়ে গাঁৱৰ খেলপথাৰত এক সভাৰ আয়োজন কৰি বিজয়ী চেফ নয়নজ্যোতি শইকীয়াক গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপাৰে সম্বৰ্ধনা জনাই। লগতে নয়নজ্যোতিৰ পিতৃ অৰূপ শইকীয়া আৰু মাতৃ তুলিকা শইকীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰে। পুত্ৰৰ এনে সফলতা দেখি পিতৃ মাতৃ দুয়ো যথেষ্ট সুখী অনুভৱ কৰিছে বুলি জানিব দিয়ে। নয়নজ্যোতি শইকীয়াই সভাখনিৰ মঞ্চত বিহু দলৰ সৈতে বিহু গায়, নাচি সমগ্ৰ পৰিবেশটো আনন্দময় কৰি তোলে। জনপ্ৰিয় মাষ্টৰ চেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব’ৰ( চিজন ৭) বিজয়ী হৈ নয়নজ্যোতিয়ে পুৰস্কাৰ ৰূপে লাভ কৰিছে এটা ট্ৰফী আৰু ২৫ লাখ টকাৰ চেক। একাগ্ৰতা থাকিলে নিজৰ সপোন বাস্তৱত পৰিণত কৰিব পাৰি বুলি কয় নয়নজ্যোতিয়ে। লগতে নতুন নতুন ধৰণেৰে খাদ্য প্ৰস্তুত কৰি খোৱা তথা ৰান্ধি ভাল পোৱা নয়নজ্যোতিৰ চেফ হোৱাৰ সপোন বাস্তৱত পৰিণত হোৱাত অতি সুখী অনুভৱ কৰিছে বুলি জানিব দিয়ে। লগতে কয় যে পৰিয়ালবৰ্গৰ আৰ্শীবাদ আৰু সমৰ্থন তথা প্ৰেৰণাই আজি এই স্থানত উপস্থিত হোৱাত যথেষ্ট সহায় কৰিছে। অসমবাসীয়ে প্ৰতিদিনে দিয়া মৰম ভালপোৱাই যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল বুলি কয়। তেখেতে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। লগতে অসমৰ সুস্বাদু ব্যঞ্জন বিশ্ববাসীৰ সন্মুখলৈ উলিয়াই লৈ যাবলৈ কাম কৰি যাম বুলি উল্লেখ কৰে।

প্ৰেৰক সুৰজ দাস

You might also like