নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজুলী ভৱনত ১৩ বিৰোধী ৰাজনৈতিক দলৰ উত্তাল বিক্ষোভ

বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আজি গুৱাহাটীস্থিত বিজুলী ভৱনৰ সন্মুখত উত্তাল প্রতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ ১৩টা বিৰোধী ৰাজনৈতিক দলে৷ বিশেষকৈ ৰাজ্যত বিদ্যুৎ বিতৰণৰ দায়িত্বত থকা ৰাজহুৱা প্রতিষ্ঠান অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ব্যক্তিগতকৰণৰ বিৰুদ্ধে তেওঁলোকে এই প্রতিবাদ সাব্যস্ত কৰে৷ চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলা প্রতিবাদকাৰীসকলে শীঘ্রে এই সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে৷ বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ ফলত বিদ্যুৎ মাচুলৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্রণ নাথাকিব বুলি উল্লেখ কৰি প্রতিবাদী ৰাজনৈতিক দলসমূহে অভিযোগ কৰে যে এ পি ডি চি এলক বেচৰকাৰীকৰণ কৰি কর্প’ৰেট গোষ্ঠী বা ব্যক্তিগত খণ্ডৰ ওপৰত দায়িত্ব অর্পণ কৰিব বিচাৰিছে৷ এ পি ডি চি এলৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ ফলত কর্মৰত ১৫ হাজাৰ স্থায়ী আৰু ৭ হাজাৰ অস্থায়ী কর্মচাৰীৰ জীৱনলৈ অনিশ্চয়তা নামি আহিব৷ এনে জনবিৰোধী ভয়ংকৰ সিদ্ধান্ত বাতিল কৰিবলৈ দলকেইটাই দাবী উত্থাপন কৰে৷ বিজুলী ভৱনৰ সন্মুখত প্রতিবাদস্থলীত অনুষ্ঠিত সভাৰ আঁত ধৰে সুপ্রকাশ তালুকদাৰে৷ সভাত কংগ্রেছৰ ৰঞ্জন বৰা, আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ জিয়াউৰ ৰহমান, ৰাইজৰ দলৰ দিৱস ফুকন, চি পি আই (এম)ৰ ইছফাকুৰ ৰহমান, চি পি আইৰ মুনীন মহন্ত, চি পি আহ (এম এল)ৰ নৰেন বৰা, এন চি পিৰ পৰেশ বৰুৱা, অসম সংগ্রামী মঞ্চৰ সমৰজ্যোতি বেজবৰুৱা, চি পি আইৰ ফুলেশ্বৰ বসুমতাৰী আৰু এল ডি পিৰ গুণ গগৈয়ে ভাষণ প্রদান কৰে৷ প্রত্যেকগৰাকী বক্তাই ৰাজ্য চৰকাৰ আৰু এ পি ডি চি এল কর্তৃপক্ষই লোৱা এই সিদ্ধান্তৰ প্রতিবাদ জনায় আৰু কার্যকৰীকৰণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ এই সভাত বিদ্যুৎ কর্মচাৰী, অভিযন্তা আৰু পেন্সনাৰ সমন্বয় সমিতিৰ আহ্বায়ক দীপক সাহায়ো বক্তব্য প্রদান কৰাৰ লগতে প্রতিবাদী কার্যসূচীলৈ সমর্থন আগবঢ়ায়৷ উল্লেখ্য যে প্রতিবাদী কার্যসূচীৰ অন্তত মুখ্যমন্ত্রী আৰু এ পি ডি চি এলৰ অধ্যক্ষলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে প্রতিবাদী দল–সংগঠনসমূহে৷ এই স্মাৰক–পত্রত তেওঁলোকে কয় যে কেন্দ্রীয় চৰকাৰে বিদ্যুৎ খণ্ডৰ বেচৰকাৰীকৰণৰ লক্ষ্যৰে বিদ্যুৎ আইন (সংশোধনী) বিধেয়ক উত্থাপন কৰিছে৷ বিধেয়কখন গ্রহণ কৰাৰ লগতে অসম চৰকাৰে এ পি ডি চি এলক ব্যক্তিগতকৰণ কৰিবলৈ ওলাইছে অথবা কেৰালা, পশ্চিমবংগ, তেলেংগানা, তামিলনাডু, অন্ধ্রপ্রদেশ, বিহাৰ, ঝাৰখণ্ড, মহাৰাষ্ট্র, ছত্তিশগড়, পঞ্জাব আদি ৰাজ্য চৰকাৰসমূহে এই বিধেয়ক প্রত্যাহাৰৰ দাবী উত্থাপন কৰিছে৷ অনাগত সময়ত এই সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে আন্দোলন অব্যাহত থাকিব বুলিও তেওঁলোকে সদৰী কৰে৷

You might also like