নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উলুবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড; পত্নীক হত্যা কৰি পলাতক স্বামী ছমিউৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে হত্যা–লুণ্ঠনৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে৷ কেইদিনমান পূর্বে নুনমাটিত যৌতুক নিদিয়াৰ বাবেই স্বামীয়ে পত্নীক হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই উলুবাৰীত সংঘটিত হৈছে আন এক হত্যাকাণ্ড৷ উলুবাৰীৰ দেৱান পথৰ ভাৰাঘৰত পত্নীক হত্যা কৰি স্বামীয়ে পলায়ন কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

পুৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই অঞ্চলটোত তীব্র আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে চমিউৰ ৰহমান আৰু তেওঁৰ পত্নী অঞ্জুমা বিবিয়ে যোৱা ২৭ নৱেম্বৰত ধুবুৰীৰ পৰা গুৱাহাটীৰ ভাৰাঘৰলৈ আহে৷ যোৱা ১ ডিচেম্বৰৰ পৰা অঞ্জুমাৰ ম’বাইল ফোনৰ চুইছ অফ হৈ থকাত পৰিয়ালৰ লোকে অঞ্জুমাৰ লগত যোগাযোগ কৰিব পৰা নাছিল৷ পৰিয়ালৰ লোকৰ সন্দেহ ওপজাত অঞ্জুমাৰ মাতৃ আৰু পৰিয়ালৰ লোক গুৱাহাটীলৈ আহে৷ অঞ্জুমাৰ ভাৰাঘৰত তলা ওলমি থকাত আৰক্ষীৰ সহযোগত ভাৰাঘৰৰ তলা ভাঙি ভিতৰত প্রৱেশ কৰোঁতেই বিছনাৰ তলত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত অঞ্জুমাৰ মৃতদেহ প্রত্যক্ষ কৰে৷

ঘটনা সন্দর্ভত অঞ্জুমাৰ মাতৃয়ে পল্টনবজাৰ থানাত জোঁৱায়েক চমিউৰ ৰহমান ওৰফে মিণ্টুৱে জীয়ৰীক হত্যা কৰা বুলি এজাহাৰ দাখিল কৰে৷ পেছাত গাড়ীচালক চমিউৰ পলাতক হৈ আছে৷ ইফালে, অঞ্জুমাই এবিচিৰ এখন বিউটী পার্লাৰত কাম কৰিছিল৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে হত্যাকাৰীৰ কোনো সন্ধান পোৱা নাই৷

You might also like