নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ জিলাৰ আনুষ্ঠানিক শুভ উদ্বোধন মন্ত্রী পীয়ূষ হাজৰিকাৰ

🔹 ‘অমৃত কলহ যাত্রা’ৰ শুভাৰম্ভ

🔹 ‘অমৃত বৃক্ষ আন্দোলন’ কার্যসূচীও ৰূপায়ণ
বিশেষ বার্তা, ১৭ ছেপ্টেম্বৰ : নৱগঠিত বিশ্বনাথ জিলাখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷ বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত অনুষ্ঠিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত জ্যেষ্ঠ কেবিনেট মন্ত্রী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলা উদ্বোধন কৰে৷ বিশ্বনাথ জিলাৰ আটাইকেইগৰাগী বিধায়ক, বিশ্বনাথ জিলা আয়ুক্ত তথা জিলা প্রশাসনৰ সকলো বিষয়া–কর্মচাৰী আৰু বিশ্বনাথৰ ৰাইজৰ উপস্থিতিত জিলা উদ্বোধন কৰি জ্যেষ্ঠ কেবিনেট মন্ত্রীগৰাকীয়ে কয় যে আজি বিশ্বনাথবাসীৰ বাবে এটি স্মৰণীয় দিন৷ কিয়নো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূর্বৰ প্রতিশ্রুতি অনুসৰি বিশ্বনাথক জিলাৰ মর্যাদা প্রদান কৰিলে৷ বিশ্বনাথবাসীৰ আশা–আকাংক্ষাক বাস্তৱায়িত কৰাৰ লগতে নৱতম জিলাখনৰ দ্রুত উন্নয়ন সাধনৰ বেলিকা চৰকাৰৰ উদ্যোগ আৰু মুখ্যমন্ত্রীগৰাকীৰ সদ্দিচ্ছাই বিশ্বনাথক আগশাৰীৰ জিলা হিচাপে প্রতিষ্ঠা কৰাত প্রভূত সহায় কৰিব বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে বিশ্বনাথবাসীক অভিনন্দন জ্ঞাপন কৰে আৰু জিলাখনৰ সর্বাংগীণ উন্নয়নৰ ক্ষেত্রত জিলাবাসীৰ সহায়-সহযোগিতাও কামনা কৰে৷ বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰণী ভাষণ দিয়া বিশেষ অনুষ্ঠানটোত উপস্থিত থাকি বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্রমোদ বৰঠাকুৰে বিশ্বনাথক জিলাৰ মর্যাদা প্রদান কৰাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু নৱতম জিলাখনৰ উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রীগৰাকীৰ সদ্দিচ্ছাক ভূয়সী প্রশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইফালে, জিলা উদ্বোধনৰ পূর্বে মুখ্যমন্ত্রীৰ অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে কমলাকান্ত নাট্য সমাজৰ চৌহদত জ্যেষ্ঠ কেবিনেট মন্ত্রীগৰাকীয়ে প্রথমে গছপুলি ৰোপণ কৰে৷

ইয়াৰ পিছতেই তেওঁ বিশ্বনাথ জিলাৰ শুভ উদ্বোধন কৰে৷ প্রাক্তন মন্ত্রী তথা অসম বীজ নিগমৰ অধ্যক্ষ প্রবীণ হাজৰিকা, অসম পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতী, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰেঙীয়া, সমাজকর্মীদ্বয় পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাৰ লগতে জিলা প্রশাসনৰ মুৰব্বী বিষয়া–কর্মচাৰীসকল উপস্থিত থকা আজিৰ এই বিশেষ অনুষ্ঠানটিত কেন্দ্রীয় চৰকাৰে দেশজুৰি আৰম্ভ কৰা অমৃত কলহ যাত্রাও উদ্বোধন কৰে কেবিনেট মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে বিশেষ কাৰিকৰী কাৰণত ৰাজ্য চৰকাৰে ২০১৬ চনত গঠন হোৱা বিশ্বনাথ জিলাৰ পৰা জিলাৰ মর্যাদা কর্তন কৰি যোৱা ৩১ ডিচেম্বৰত পুনৰ মহকুমা হিচাপে শোণিতপুৰ জিলাৰ লগত চামিল কৰিছিল৷ শেহতীয়াভাৱে চৰকাৰে যোৱা ৭ ছেপ্টেম্বৰত বিশ্বনাথক জিলা মর্যাদা প্রদান কৰাত উৎফুল্ল হৈ পৰে জিলাবাসী৷ সেই অনুসৰি আজি আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলাৰ শুভ উদ্বোধন কৰে কেবিনেট মন্ত্রীগৰাকীয়ে৷ ভাস্কৰজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিত অমৃত কলহ যাত্রাৰ বিষয়ে প্রস্তুত কৰা এটি বিশেষ ভিডিঅ’ অনুষ্ঠানত প্রদর্শন কৰা হয়৷ বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া দিগন্ত কুমাৰ বৈশ্যই শলাগ জ্ঞাপন কৰা আজিৰ বিশেষ অনুষ্ঠানটিত বিশ্বনাথৰ বিভিন্ন ক্ষেত্রৰ লগত জড়িত ব্যক্তিসকল, জ্যেষ্ঠ নাগৰিক, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিষয়ববীয়া, প্রতিনিধি আৰু সহস্রাধিক লোক উপস্থিত থাকে৷

প্ৰেৰক জয়ন্ত বৰা

You might also like