নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএম বিশ্বকর্মা আঁচনি মুকলি প্রধানমন্ত্রী মোদীৰ

🔹 ব্যয় হ’ব ১৩ হাজাৰ কোটি টকা

🔹 লাভান্বিত হ’ব কাঠমিস্ত্রী, নাও নির্মাতা, কমাৰ, মৃৎশিল্পী, ভাস্কর্য শিল্পী, ৰাজমিস্ত্রী আদি

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : বিশ্বকর্মা জয়ন্তী উপলক্ষে শিল্পী আৰু কাৰিকৰৰ পৰম্পৰাগত দক্ষতাক আগবঢ়াই নিয়াৰ লক্ষ্যৰে ‘প্রধানমন্ত্রী বিশ্বকর্মা’ আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ স্বাধীনতা দিৱসৰ দিনা ঘোষণা কৰা এই নতুন পিএম বিশ্বকর্মা আঁচনি আজি প্রধানমন্ত্রী মোদীয়ে মুকলি কৰি কয়– আজি আমাৰ বিশ্বকর্মা বন্ধুক স্বীকৃতিৰ আৱশ্যক হৈছে আৰু এওঁলোকক স্বীকৃতিৰ বাবে প্রতিটো সম্ভাব্য পথক সমর্থন কৰাৰ প্রয়োজন৷ আমাৰ চৰকাৰে বিশ্বকর্মা বন্ধুৰ উন্নয়নৰ কাৰণে কাম কৰি আছে৷ এই আঁচনিৰ জৰিয়তে ১৮ পৃথক খণ্ডৰ বিশ্বকর্মা বন্ধুক প্রাধান্য দিয়া হ’ব৷ চৰকাৰে ইয়াৰ বাবে ১৩ হাজাৰ কোটি টকা ব্যয় কৰিব৷ মন কৰিবলগীয়া যে স্থানীয় সামগ্রী, শিল্প আৰু হস্তশিল্পৰ জৰিয়তে প্রাচীন পৰম্পৰা, সংস্কৃতি আৰু বৈচিত্র্যপূর্ণ ঐতিহ্যক জীয়াই ৰখা আৰু উজ্জীৱিত কৰি তোলাৰ লক্ষ্যৰে প্রধানমন্ত্রী বিশ্বকর্মা আঁচনি যোৱা স্বাধীনতা দিৱসত প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰিছিল৷ এই আঁচনি আজি আনুষ্ঠানিকভাৱে মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সমগ্র দেশবাসীয়ে ভোকেল ফৰ লোকেল অভিযানৰ পাছত এইবাৰ গো গ্ল’বেলক গুৰুত্ব দিব লাগিব৷ অর্থাৎ স্থানীয় সামগ্রী ক্রয় কৰি পৰম্পৰাগত শিল্প, ভাস্কর্য আৰু হস্তশিল্পক উদগনি যোগোৱাৰ পাছত এই সামগ্রীসমূহক আন্তর্জাতিক পর্যায়লৈ নিব লাগিব৷ প্রধানমন্ত্রী মোদীয়ে মুকলি কৰা নতুন আঁচনি পিএম বিশ্বকর্মাৰ জৰিয়তে কাঠমিস্ত্রী, সোণাৰি, নাও নির্মাতা, কমাৰ, মৃৎশিল্পী, ভাস্কর্য শিল্পী, ৰাজমিস্ত্রী, মুচি, শিল ভাঙোতা, ধোবী, নাপিত, দর্জী, পুতলা নির্মাতা আদি লোকসকল লাভান্বিত হ’ব৷ এই আঁচনিৰ জৰিয়তে উল্লেখিত দক্ষ শিল্পী আৰু কাৰিকৰসকলে বেংকত গেৰাণ্টী নিদিয়াকৈ ৰেহাই মূল্যৰ সুদৰ হাৰত ঋণ লাভ কৰিব৷ প্রথম কিস্তিত ১ লাখ টকা লাভ কৰাৰ পাছত দ্বিতীয় কিস্তিত ২ লাখ টকা লাভ কৰিব৷ দ্বিতীয় কিস্তিত সুদৰ হাৰ হ’ব ৫ শতাংশ৷ তদুপৰি এই আঁচনিৰ জৰিয়তে গুৰু–শিষ্য পৰম্পৰা তথা পৰম্পৰাগত দক্ষভিত্তিক অনুশীলনক শক্তিশালী আৰু লালন–পালন কৰা হ’ব৷ এই আঁচনিৰ জৰিয়তে লাভৱান্বিত হ’ব বিচৰা উল্লিখিত ১৮ বিভিন্ন খণ্ডৰ শিল্পী–কাৰিকৰে বায়’মেট্রিক আধাৰিত পিএম বিশ্বকর্মা প’র্টেলত বিনামূলীয়াকৈ নাম পঞ্জীয়ন কৰিব পাৰিব৷ কমন ছার্ভিচ চেণ্টাৰলৈ গৈ এই পঞ্জীয়ন কৰিব পাৰিব৷

You might also like