নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি–অগপৰ ১৮ বিধায়কে হেৰুৱাব সমষ্টি

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ  বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পাছতেই শাসনাধিষ্ঠিত বিজেপিত আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক চর্চা৷ এইবাৰ ১০০+ আসন দখলৰ লক্ষ্যৰে ব্যাপক প্রস্তুতি চলোৱা ৰাজ্যিক বিজেপিৰ লক্ষ্য এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰা৷ মিত্রদল অগপ আৰু ইউ পি পি এলক লগত লৈ নির্বাচনী যুঁজত যদিও অৱতীর্ণ হ’ব, শাসকীয় দলটোৰ মূল লক্ষ্য হ’ব অকলেই একক সংখ্যাগৰিষ্ঠতা অর্জন কৰা৷ এই উদ্দেশ্যে এইবাৰ প্রার্থী প্রক্ষেপৰ ক্ষেত্রত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব বিজেপিয়ে৷ জয়ৰ নিশ্চিত সম্ভাৱনা থকা প্রার্থীকহে টিকট দিয়া হ’ব বুলি ইতিমধ্যে ৰাজ্যিক বিজেপি নেতৃত্বই মুকলিকৈ ঘোষণা কৰিছে৷ ফলত উজনি আৰু মধ্য অসমত বিজেপিৰ বহু বিধায়কৰ প্রার্থিত্ব সলনিৰ সম্ভাৱনাই দেখা দিছে৷ একমাত্র বিজেপিয়েই নহয়, মিত্রদল অগপয়ো এইবাৰ সলনি কৰিব পাৰে একাধিক সমষ্টিত প্রার্থিত্ব৷

আসন বুজাবুজিক লৈ অগপ আৰু বিজেপিৰ মাজত এতিয়ালৈ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হোৱা নাই যদিও আজি উভয় দলে এক বৈঠকৰ জৰিয়তে প্রথম পর্যায়ত নির্বাচনৰ ৪৭খন আসনৰ বাবে বুজাবুজি সম্পন্ন কৰিব পাৰে৷

মন কৰিবলগীয়া যে ৰাজ্যিক বিজেপিত এইবাৰ সর্বাধিক হাৰত প্রার্থিত্ব সলনিক লৈ চলিছে চর্চা৷ বিশেষকৈ উজনিৰ কেইবাটাও সমষ্টিত কেইবাগৰাকীও বিধায়কৰ প্রার্থিত্ব সলনিৰ সম্ভাৱনাৰ সমান্তৰালকৈ দলৰ ভিতৰতে আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক যুঁজ৷ উজনিৰ মার্ঘেৰিটা, ডিগবৈ, ডিব্রুগড়, মৰাণ, যোৰহাট, তিনিচুকীয়া, সোণাৰি আৰু বৰছলাত বর্তমানৰ বিধায়কৰ বিপৰীতে কেইবাখনো নতুন মুখে প্রার্থিত্ব বিচাৰিছে৷ বিশেষকৈ মার্ঘেৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শর্মাৰ বিৰুদ্ধে এইবাৰ প্রার্থিত্বৰ দাবী তুলিছে প্রাক্তন আটাছু নেতা তথা বিজেপিৰ মুখপাত্র লক্ষ্য কোঁৱৰ আৰু পৱিত্র মার্ঘেৰিটাই৷ শদিয়াতো বর্তমানৰ বিধায়ক বলীন চেতিয়াৰ বিৰুদ্ধে প্রার্থিত্বৰ দাবী কৰিছে জিলা সভাপতি যুধিষ্ঠিৰ গগৈ আৰু জিলা পৰিষদৰ সভাপতি ললিত মৰাণে৷ এনে অৱস্থাত এই দুয়োটা সমষ্টিত প্রার্থিত্ব সলনিৰ সম্ভাৱনাক লৈও দলত আৰম্ভ হৈছে পর্যালোচনা৷ একেদৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ পৰিৱর্তে এইবাৰ সমষ্টিটোত প্রার্থিত্ব লাভৰ সম্ভাৱনা উজ্জ্বল হৈছে মৰাণ ছাত্র সন্থাৰ নেতা অৰুণ মৰাণৰ৷ ডিব্রুগড় সমষ্টিক তিনিবাৰকৈ প্রতিনিধিত্ব কৰা বিধায়ক প্রশান্ত ফুকনৰ বিৰুদ্ধে এইবাৰ গঢ়ি উঠিছে ব্যাপক প্রতিষ্ঠানবিৰোধী ঢৌ৷ যাৰ বাবে এইবাৰ ডিব্রুগড়ত প্রার্থিত্ব সলনিৰ সম্ভাৱনা আছে৷ সমষ্টিটোত এইবাৰ টিকটৰ দাবীদাৰ হ’ল আছুৰ প্রাক্তন নেতা উজ্জ্বল ফুকন আৰু বিজেপিৰ জ্যেষ্ঠ নেত্রী ড০ হেমলতা বৰঠাকুৰ৷ মৰাণ সমষ্টিত বিধায়ক চক্র গগৈৰ প্রার্থিত্বৰ সম্ভাৱনা এইবাৰ যথেষ্ট ক্ষীণ হোৱা দেখা গৈছে৷ সমষ্টিটো অক্ষুণ্ণ ৰখাৰ বাবে এইবাৰ বিজেপিয়ে দলৰ মুখপাত্র সুভাষ দত্ত অথবা দলৰ নেতা দয়ানন্দ বৰগোহাঁইক প্রক্ষেপ কৰাৰো সম্ভাৱনা আছে৷

ইফালে তিনিচুকীয়াৰ বর্তমানৰ বিধায়ক তথা মন্ত্রী সঞ্জয় কিষাণক তিনিচুকীয়াৰ পৰিৱর্তে ডুমডুমালৈ প্রক্ষেপ কৰাৰ প্রস্তুতি চলিছে৷ চাহ জনগোষ্ঠীয় এইজন নেতাক ডুমডুমাত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ কৰি তিনিচুকীয়াত প্রার্থিত্ব প্রদান কৰিব পাৰে দলৰ উপ–সভাপতি পুলক গোহাঁইক৷ যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীৰ প্রার্থিত্বক লৈও এইবাৰ সৃষ্টি হৈছে শংকা৷ যোৰহাট সমষ্টি পুনৰ দখলত ৰখাৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে প্রার্থিত্ব সলনিৰ বাবে চিন্তা–চর্চা আৰম্ভ কৰিছে৷ এইক্ষেত্রত প্রার্থিত্বৰ দাবীদাৰ হৈছে ৰাজ্যিক নেতা শান্তনু পূজাৰী৷ শিৱসাগৰ জিলাৰ ছটা সমষ্টিৰ ভিতৰৰ অন্যতম সোণাৰি সমষ্টিক লৈ বিপাঙত পৰিছে বিজেপি৷ ২০১৬ চনত সমষ্টিটোৰ বিজেপি প্রার্থী ৰূপে তপন গগৈ জয়যুক্ত হোৱাৰ পাছত পুনৰ উপ–নির্বাচনত সমষ্টিটোত জয় হৈছিল বিজেপি প্রার্থী নৱনীতা সন্দিকৈ৷ কিন্তু এইবাৰ সোণাৰিৰ বিধায়িকাগৰাকীৰ বিৰুদ্ধে সৃষ্টি হোৱা প্রতিষ্ঠানবিৰোধী ঢৌৰ লগতে একাধিক বিতর্কৰ পৰিপ্রেক্ষিত সমষ্টিটোত প্রার্থিত্ব সলনিৰ চিন্তা–চর্চা আৰম্ভ হৈছে৷ সেয়া হ’লে সমষ্টিটোৰ প্রার্থিত্বৰ দাবীদাৰ হ’ব অনুপ সিং ৰাজপুৰোহিত, লাচিত গগৈ, ধর্মেশ্বৰ কোঁৱৰ, সাক্ষৰজ্যোতি গগৈ আদি কেইবাজনো নেতা৷ থাওৰা সমষ্টিতো এইবাৰ প্রার্থিত্ব সলনিৰ দাবী উত্থাপন হৈছে৷ বিজেপিয়ে সমষ্টিটোত প্রার্থী সলনি কৰিলে টিকটৰ দাবীদাৰ হ’ব শিৱ ভদ্রা৷ উজনিৰ লগতে উত্তৰ অসমৰ বৰছলা সমষ্টি আৰু হোজাই সমষ্টিতো প্রার্থিত্ব সলনিৰ দাবী উত্থাপন হৈছে৷

হোজাই সমষ্টিত বর্তমানৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে প্রার্থিত্বৰ দাবী সবল কৰি তুলিছে দেৱাশিস দত্তই৷ বিজেপিৰ দখলত থকা হাজো, পলাশবাৰী আৰু ৰহা সমষ্টিতো এইবাৰ প্রার্থিত্ব সলনিৰ সম্ভাৱনা প্রবল৷ বিজেপিয়ে উজনিত প্রার্থিত্ব সলনি কৰাৰ বাবে চলাই থকা চিন্তা–চর্চাৰ সমান্তৰালকৈ অগপৰ দখলত থকা ৯টাকৈ সমষ্টিত বিজেপিয়ে প্রার্থী প্রক্ষেপৰ বাবেও চলাইছে তৎপৰতা৷ উল্লেখ্য যে আসন বুজাবুজিক লৈ কাইলৈ দুয়োটা দলৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰিছে৷ এই বৈঠকতে অগপ আৰু বিজেপিয়ে সমষ্টি সালসলনি কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে বিজেপিয়ে ইতিমধ্যে ১২৬টা সমষ্টিত চাৰিটাকৈ সমীক্ষা চলাই কোন কোন সমষ্টিত দলৰ প্রার্থীৰ জয়ৰ সম্ভাৱনা কিমান, তাৰ তালিকা প্রস্তুত কৰি তুলিছে৷ ইতিমধ্যে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে জয়ৰ সম্ভাৱনা থকা প্রার্থীকহে বিজেপিয়ে টিকট প্রদান কৰিব৷

যি সমষ্টিত বিজেপিৰ প্রার্থীৰ জয়ৰ সম্ভাৱনা আছে, তাত বিজেপিৰ প্রার্থী আৰু য’ত অগপৰ জয়ৰ সম্ভাৱনা আছে, তাত অগপ প্রার্থী প্রক্ষেপ কৰা হ’ব৷ এই নীতিক আগত ৰাখি প্রার্থিত্ব সলনিৰ চিন্তা–চর্চা কৰা বিজেপিয়ে সম্ভাব্য প্রার্থীৰ এখন তালিকাও প্রস্তুত কৰি ৰাষ্ট্রীয় নেতৃত্বৰ ওচৰত দাখিল কৰিছে৷ ইফালে বিজেপিৰ দৰে অগপয়ো একাধিক সমষ্টিত প্রার্থিত্ব সলনিৰ সিদ্ধান্ত প্রায় চূড়ান্ত কৰিছে৷ অগপৰ দখলত থকা নাহৰকটীয়া তেজপুৰ, বঢ়মপুৰ, টীয়ক, পশ্চিম গুৱাহাটী, কমলপুৰ আৰু পাটাছাৰকুছি সমষ্টিত এইবাৰ প্রার্থিত্ব প্রক্ষেপৰ বাবে দাবী তুলিছে বিজেপিয়ে৷ নাহৰকটীয়া সমষ্টিত বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰ হ’ল পেট্র’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল কো আৰু বিজেপি নেতা তৰংগ গগৈ৷ টীয়ক সমষ্টিত বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰ হ’ল অসমী বৰুৱা, জিতু হাজৰিকা, পালিত বৰা৷ দেৰগাঁও সমষ্টিত এইবাৰ বিজেপিয়ে প্রার্থিত্ব দিলে টিকটৰ মূল দাবীদাৰ হ’ব প্রাক্তন বিধায়িকা সুশীলা হাজৰিকা৷

অৱশ্যে অগপই তেজপুৰ, বঢ়মপুৰ, পশ্চিম গুৱাহাটী, কমলপুৰ, পাটাছাৰকুছি সমষ্টি এৰি দিবলৈ ৰাজী হোৱা নাই৷ অগপৰ পৰা এই সমষ্টিসমূহৰ বিপৰীতে বিজেপিয়ে অগপক বটদ্রৱা, ৰহা, হাজো, পলাশবাৰী আদি সমষ্টি এৰি দিয়াৰ ইচ্ছা প্রকাশ কৰিছে৷ দুয়োটা দলৰ আসন বুজাবুজি চূড়ান্ত হ’লে নিশ্চিতভাৱে উভয় দলৰে একাধিক বিধায়কে সমষ্টি হেৰুওৱাৰ সম্ভাৱনা স্পষ্ট৷

You might also like