নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালু যাদৱৰ পুত্রৰ বোকোচাত উঠি ভোটৰ অংক কংগ্রেছ–ইউডিএফৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ থৰক–বৰক মহাজোঁটক উদ্ধাৰ কৰিবলৈ এইবাৰ অসমৰ ৰাজনীতিত প্রৱেশ কৰিলে তেজস্বী যাদৱে৷ কেইমাহমান পূর্বে অনুষ্ঠিত বিহাৰ বিধানসভা নির্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা আৰ জে ডিৰ মুৰব্বী তেজস্বী যাদৱৰ বোকোচাত উঠি এইবাৰ অসমত নির্বাচন খেলিবলৈ ওলাইছে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে৷ ৰাজ্যখনত আৰ জে ডিৰ বিশেষ প্রভাৱ নথকা সত্ত্বেও বিজেপিক পৰাভূত কৰাৰ বাবেই মহাজোঁটে অন্যতম অংশীদাৰ কৰি ল’লে তেজস্বী যাদৱৰ দলটোক৷

আসন্ন অসম বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত দুদিনীয়া কার্যসূচীৰে কালি গুৱাহাটীত উপস্থিত হোৱা তেজস্বী যাদৱক বিমানবন্দৰত অসমৰ আৰ জে ডিৰ নেতৃত্বৰ লগতে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলকে ধৰি দলটোৰ নেতৃত্বই আদৰণি জনায়৷ নিশাৰ ভাগত হোটেল তাজ ভিভাণ্টাত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু দলৰ নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ প্রদ্যুৎ বৰদলৈয়ে তেজস্বী যাদৱক সাক্ষাৎ কৰে৷ এই সাক্ষাৎ সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে আসন্ন বিধানসভা নির্বাচন সম্পর্কত যাদৱৰ সৈতে তেওঁ আলোচনাত মিলিত হৈছে৷ সম্পূর্ণ ব্যক্তিগত কার্যসূচী লৈ যাদৱ গুৱাহাটীলৈ আহিছে যদিও ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিও তেওঁ অধ্যয়ন কৰিছে৷ আসন্ন নির্বাচনত বিজেপিক কেনেদৰে পৰাভূত কৰিব পাৰি, সেই সম্পর্কত পর্যালোচনা কৰাৰ লগতে এইক্ষেত্রত তেওঁ যিদৰে সহায় কৰিব পাৰে, সেইদৰে সহায় কৰাৰ কথা দিছে৷

আনহাতে, প্রদ্যুৎ বৰদলৈয়ে কয় যে তেজস্বী যাদৱ তেওঁৰ বন্ধু৷ সেই সূত্রে তেওঁ যাদৱক সাক্ষাৎ কৰে৷ আনহাতে, শনিবাৰে দিনৰ ভাগত তাজ ভিভাণ্টাত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞায়ো যাদৱক সাক্ষাৎ কৰে৷ সংবাদ মাধ্যমৰ আগত আজমলে কয় যে তেজস্বী যাদৱ নেতৃত্বাধীন আৰ জে ডিয়ে মহাজোঁটত যোগ দিছে৷ আসন্ন বিধানসভা নির্বাচনত মহাজোঁটৰ অংশীদাৰ হিচাপে আৰ জে ডিয়ে যুঁজত অৱতীর্ণ হ’ব৷ নিশাৰ ভাগত তেওঁ যাদৱৰ সৈতে নির্বাচনী ৰণনীতি সম্পর্কত আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে৷

ইপিনে এই অসম ভ্রমণৰ সময়তে আৰ জে ডিৰ নেতা যাদৱে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো সাক্ষাৎ কৰিব বিচাৰিছিল যদিও লুৰিণজ্যোতি গগৈয়ে তেওঁক সাক্ষাৎ দিয়াৰ পৰা বিৰত থাকে৷ ইফালে তাজ ভিভাণ্টাত আয়োজিত এখন সংবাদ মেলত আৰ জে ডি নেতা যাদৱে কয় যে অসম বিধানসভা নির্বাচনত তেওঁলোকে কংগ্রেছকে ধৰি সমভাবাপন্ন দলসমূহৰ সৈতে একেলগে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ এই নির্বাচনত সাম্প্রদায়িক শক্তি বিজেপিয়ে কোনো প্রকাৰে যাতে ক্ষমতালৈ আহিব নোৱাৰে, তাৰ বাবে তেওঁলোকে কাম কৰিব৷ অসমত নির্বাচনী প্রচাৰ চলাবলৈ তেওঁ অহা বুলি উল্লেখ কৰি কয় যে যেতিয়া তেওঁৰ য’তেই প্রয়োজন হ’ব, তাতেই তেওঁ নির্বাচনী প্রচাৰলৈ আহিব৷

অসমত ৫ শতাংশ হিন্দীভাষী লোক থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে খুব কমসংখ্যক আসনত তেওঁলোকে প্রতিদ্বন্দ্বিতা আগবঢ়াব, য’ত জয়ৰ সম্ভাৱনা আছে৷ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি সংবাদ মেলখনত তেওঁ কয় যে উন্নয়নৰ পৰিৱর্তে বিজেপিয়ে হিন্দু–মুছলমান, মন্দিৰ–মছজিদৰ কথাৰে দেশক খণ্ড–বিখণ্ড কৰিব বিচাৰিছে৷ ধর্মনিৰপেক্ষতাৰ যি আদর্শ, সেয়া বিনষ্ট কৰিব বিচাৰিছে৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ সৈতে তেওঁলোকে নির্বাচনী যুঁজত অৱতীর্ণ হৈ ধর্মনিৰপেক্ষতাৰ আদর্শ ৰক্ষা কৰিব বিচাৰিছে৷ সংবাদ মেলখনত তেওঁ আৰু কয় যে বিজেপিৰ আমোলত গৰিব–দুখীয়া, নিবনুৱা সংস্থাপন, অর্থনৈতিক পৰিস্থিতিৰ উন্নয়ন, কৃষকৰ সমস্যা সমাধান, ছাত্র–ছাত্রীৰ সমস্যা সমাধানত গুৰুত্ব দিয়া হোৱা নাই৷ আনকি সাংবিধানিক অনুষ্ঠানসমূহৰো স্বতন্ত্রতা নোহোৱা হৈছে৷ চি বি আই, এনফ’চমেণ্ট ডাইৰেক্টৰ, আয়কৰ আদি নিৰপেক্ষ হ’ব লাগে৷ কিন্তু বর্তমান সেইবোৰ অনুষ্ঠানো বিজেপিৰ চেলৰ দৰে হৈ পৰিছে৷ ৰে’লৱে, বি এছ এন এল, ভাৰত পেট্র’লিয়াম, কয়লা আদি সকলো ব্যক্তিগত খণ্ডক গতোৱাৰ ব্যৱস্থা কৰা হৈছে৷ চৰকাৰী খণ্ডত সংস্থাপন নাথাকিলে সংৰক্ষণ ব্যৱস্থাৰেই বিলুপ্তি ঘটিব৷

You might also like