অসম বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এক ঐতিহাসিক জয় লাভ কৰি পুনৰ ক্ষমতালৈ উভতি অহাৰ পথ সুগম কৰিছে। এই বৃহৎ জয়ৰ পিছতে ৰাজ্যত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় নেতৃত্বই।
চৰকাৰ গঠনৰ প্ৰক্ৰিয়া সুচাৰুৰূপে আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক পৰ্যৱেক্ষক হিচাপে নিযুক্তি দিছে। তেওঁ অসমৰ ৰাজনৈতিক পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া তদাৰক কৰিব।
ইফালে, সহ-পৰ্যৱেক্ষক হিচাপে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং ছৈনিকো নিযুক্তি দিয়া হৈছে। দুয়োজন নেতাই মিলি দলীয় বিধায়িনী দলৰ বৈঠক, নেতা নিৰ্বাচন আৰু শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বপ্ৰস্তুতি সম্পন্ন কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
বিজেপি মিত্ৰজোঁটৰ এই বৃহৎ জয়ক কেন্দ্ৰীয় নেতৃত্বই “ঐতিহাসিক জনাদেশ” বুলি অভিহিত কৰিছে। ৰাজ্যজুৰি ইতিমধ্যে আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে আৰু কৰ্মী-সমৰ্থকসকলে বিভিন্ন স্থানত বিজয় উল্লাস উদযাপন কৰিছে।
এতিয়া সকলোৰে দৃষ্টি নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰু আগন্তুক দিনত ৰাজ্যৰ উন্নয়নমূলক কাৰ্যসূচীৰ ওপৰত নিবদ্ধ হৈ আছে।
ডিজিটেল ডেস্ক, ৫ মে’