মহিলা বিষয়াৰে পৰিচালিত হ’ব গুৱাহাটীৰ ১২৫ ভোট কেন্দ্র
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আগন্তুক বিধানসভাৰ নির্বাচনত কামৰূপ মহানগৰ নির্বাচন জিলাৰ অন্তর্গত চাৰিটা সমষ্টিৰ মুঠ ১২৫টা ভোটগ্রহণ কেন্দ্র কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব৷ ইয়াৰে জালুকবাৰী সমষ্টিত ১০টা পূব গুৱাহাটী সমষ্টিত ৬৫টা, পশ্চিম গুৱাহাটীত ২০টা আৰু দিছপুৰ সমষ্টিত ৩০টা ভোটগ্রহণ কেন্দ্রত কেৱল মহিলা প্রিজাইডিং তথা প’লিং বিষয়া নিয়োজিত কৰা হ’ব৷ ভোটগ্রহণ প্রক্রিয়াত মহিলা ভোটাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷
আনহাতে, গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ৬ মার্চৰ পৰা অনুষ্ঠিত হৈছে মহিলা বিষয়াসকলৰ প্রশিক্ষণ কার্যসূচী৷ অহা ১৭ মার্চলৈকে চলিবলগীয়া এই প্রশিক্ষণত দৈনিক ১০০গৰাকীকৈ মহিলা বিষয়াক প্রশিক্ষণ প্রদান কৰা হ’ব৷