অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনক লৈ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক মন্তব্য আগবঢ়াইছে। পশ্চিমবংগৰ আলিপুৰদুৱাৰত অনুষ্ঠিত এখন জনসভাত ভাষণ প্ৰদান কৰি তেওঁ অসম আৰু পশ্চিমবংগ দুয়োখন ৰাজ্যতে বিজেপিৰ বৃহৎ জয় হ’ব বুলি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আগন্তুক নিৰ্বাচনত অসমত বিজেপিয়ে প্ৰায় ১০০ আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু পশ্চিমবংগত দলটোৱে ২০০ আসন লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁৰ এই মন্তব্যত নিৰ্বাচনী প্ৰচাৰ তীব্ৰ হৈ উঠাৰ সময়তে ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰিছে।
সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সীমান্ত সুৰক্ষাৰ বিষয়টোও গুৰুত্বসহকাৰে উত্থাপন কৰে। তেওঁ কয় যে অসম আৰু ত্ৰিপুৰাত ইতিমধ্যে সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়া পশ্চিম বংগতো একে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে।
“বৰ্তমান সময়ৰ প্ৰধান প্ৰয়োজন হৈছে পশ্চিমবংগৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা” বুলি উল্লেখ কৰি সীমান্ত নিয়ন্ত্ৰণক নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে দাঙি ধৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
ইফালে, নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰিবলৈ অসমৰ পৰা প্ৰায় ৫০গৰাকী বিজেপি নেতাৰ এটা দল ইতিমধ্যে পশ্চিম বংগত উপস্থিত হৈছে। এই দলটোৱে বিভিন্ন অঞ্চলত সক্ৰিয়ভাৱে প্ৰচাৰ অভিযান চলাব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে পশ্চিম বংগত আগন্তুক ২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে, কিয়নো দলটোৱে পশ্চিম বংগত নিজৰ প্ৰভাৱ অধিক বিস্তাৰ কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে।
সূত্ৰ অনুসৰি, অসমত ইতিমধ্যে বিজেপি শক্তিশালী অৱস্থাত আছে আৰু এতিয়া পশ্চিম বংগতো সমৰ্থন বৃদ্ধি কৰিবলৈ দলটোৱে জোৰদাৰ প্ৰচেষ্টা চলাই আছে। আগন্তুক দিনসমূহত ৰাজ্যখনত তীব্ৰ নিৰ্বাচনী প্ৰচাৰ আৰু ৰাজনৈতিক তৰ্ক-বিতৰ্ক বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল