নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত ৰাজযোগিনী সত্যৱতীৰ তিৰোধাম দিৱস আয়োজন

তিনিচুকীয়াৰ ব্ৰহ্মা কুমাৰীজৰ ৰাজযোগিনী সত্যৱতী দিদিজীৰ পঞ্চম তিৰোধাম দিৱস ব্ৰহ্মা কুমাৰীজৰ উদ্যোগত ১৮, ১৯ আৰু ২০ এপ্ৰিলত তিনিদিনিয়া কাৰ্য্যসূচীৰে তিনিচুকীয়া, ৰংপুৰীয়া ব্ৰহ্মপুত্ৰ পিছ ভেলী ৰিটাৰিয়েল চেণ্টাৰত আয়োজন কৰা হৈছে।

এই পঞ্চম শিৰোনাম দিৱসৰ লগত সংগতি ৰাখি ১৮ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৬:৩০ লৈকে ব্ৰহ্মা কুমাৰীজৰ মুখ্য কাৰ্যালয় মাউণ্ট আবুৰ এজন জনপ্ৰিয় আধ্যাত্মিক সু-বক্তা সুৰজ ভাইজীৰ সঞ্চালনাত “সমাধান” কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

তিনিচুকীয়া মানৱ কল্যান পথত থকা ব্ৰহ্মা কুমাৰীজৰ ব্ৰহ্মাণ্ড ভৱনত আয়োজিত এক সাংস্কৃতিক সন্মিলনত সত্যৱতী দিদিজীৰ পঞ্চম তিৰোধাম দিৱস উপলক্ষে আয়োজিত অনুষ্ঠান সম্পৰ্কে বক্তব্য প্ৰদান কৰে বি কে ৰজনী দিদি আৰু ৰাকেশ ভাইয়ে।

পুজা বহেনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সাংবাদিক সন্মেলনত সুশান্ত ঠাকুৰিয়া, বিনোদ ভাই, অৰবিন্দ ভাই, ডাঃ দিলীপ লহকৰ উপস্থিত আছিল। সাংবাদিক সন্মিলনত বক্তা সকলে পঞ্চম তিৰোধাম দিৱস উপলক্ষে তিনিদিনীয়া কাৰ্য্যসূচীৰ উপৰত বক্তব্য ৰাখাৰ লগতে বিশেষকৈ সমাধান অনুষ্ঠানত , বৰ্তমান সময়ত বিভিন্ন সমস্যাত জৰ্জৰিত ব্যক্তি সকলক উপস্থিত লগতে সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।

নিয়মীয়া বাৰ্তা, মাকুম, ১৭ এপ্ৰিল
You might also like