নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমে বিকাশৰ ৰেকৰ্ড গঢ়িছে : নৰেন্দ্ৰ মোদী

বিশেষ বাৰ্তা, ১৭ এপ্ৰিলঃ ২৭ হাজাৰ কোটিৰো অধিক টকাৰে ছেমি কণ্ডাক্টৰ প্ৰকল্প হাতত লোৱা হৈছে। অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাদৰ মই নিজেই। ৰাইজে নখ জোকাৰিলে নৈ বয়। এই মন্তব্যৰে আজি নলবাৰীৰ বৰকুৰাত এক বিশাল নিৰ্বাচনী জনসমাবেশত অংশ লৈ দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনী ৰণডংকা বজাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ ভাষাৰে সমালোচনা কৰি বিশাল জনতাক সম্বোধি মোদীয়ে কয়, বিজেপি সবকা সাথ, সবকা বিকাশ নীতিত বিশ্বাসী। অসমত সব কা সাথ সবকা বিকাশ আৰম্ভ হৈ গৈছে। তিনি কোটি মহিলাক লাখপতি বাইদেউ গঢ়াৰ আশ্বাস কৰা মোদীয়ে ছ’লাৰ পেনেলৰ জৰিয়তে বিদ্যুত মাচুল শূন্য কৰা হ’ব বুলি কৈ কয় যে ইয়াৰ বাবে সৌৰশক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী কিষান নিধিৰ ধন কৃষকে লাভ কৰি থাকিব। মোদীয়ে দেশত শান্তি স্থাপনৰ প্ৰয়াস কৰি আহিছে। আয়ুষ্মান যোজনাৰ জৰিয়তে ৫ লাখ টকালৈকে চিকিৎসা সাহায্য দিয়া হ’ব। ৭০ বছৰৰ ঊৰ্ধৰ সকলো লোকে লাভ কৰিব বিনামূলীয়া চিকিৎসা ব্যবস্থা । আগন্তুক ৫ বছৰলৈকে বিনামূলীয়া চাউল দি থকা হ’ব। অহা ৫ বছৰত ৩ কোটি পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ সুবিধা দিয়া হ’ব বুলিও আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীয়ে।গুৱাহাটী আৰু বাৰাউনীৰ মাজত গেছ পাইপ লাইনৰ কাম চলি আছে। ৯০ হাজাৰ কোটি টকাৰে গেছ গ্ৰীছ প্ৰকল্পৰ কাম চলি আছে। অসমে বিকাশৰ নতুন অভিলেখ গঢ়িছে। অসমত ২৫০০ কিলোমিটাৰ নতুনকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ছেমি কণ্ডাক্টৰ প্ৰকল্পই অসমক নতুন শক্তি প্ৰদান কৰিব। কংগ্ৰেছে কৰিব নোৱৰা কাম বিজেপিয়ে ১০ বছৰত কৰি দেখুৱাইছে। তিনি তালাক প্ৰথাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে। ইয়াৰ ফল মুছলিম আই ভনীসকলে লাভ কৰিছে। দেশত মুক্ত শাসন থাকিব। ভেদাভেদ নাথাকিব। দেশৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নেই চৰকাৰৰ মূল লক্ষ্য। এনডিএ চৰকাৰৰ উন্নয়নত কোনো ধৰণৰ ভেদভাৱ নাই। কংগ্ৰেছে উত্তৰ পূৱক কেৱল সমস্যাহে দিছিল। বিজেপিয়ে উত্তৰ পূৱক সম্ভাৱনাপূৰ্ণ অঞ্চল হিচাপে গঢ়ি তুলিছে বুলি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে ভাষণ আৰম্ভ কৰি আকৌ এবাৰ মোদী চৰকাৰ শ্ল’গান দিয়ে। অসমীয়াতে ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জনাই কয়- মই সমূহ অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নলবাৰীত বিশাল জনসভা সম্বোধন কৰি কয়, আজিৰ জনসমাগমেই প্ৰতিফলিত কৰিছে ৪ জুনৰ ফলাফল কি হ’ব। ৪ জুন, ৪০০ পাৰ ধ্বনি মোদীৰ। ২০১৯ ত যেতিয়া মোদী আহিছিল তেতিয়া বিশ্বাস লৈ আহিছিল। ২০২৪ত আহিছে মোদী গ্যাৰাণ্টী লৈ। মোদী গ্যাৰাণ্টী মানে গ্যাৰাণ্টী সম্পূৰ্ণ কৰাৰ গ্যাৰাণ্টী। প্ৰধানমন্ত্ৰীয়ে এই নিৰ্বাচনী সভাৰ মঞ্চৰ পৰাই মা কামাখ্যা, নলবাৰীৰ মা কালী দেৱালয়, শ্ৰীশ্ৰীহৰি মন্দিৰ,বেলশৰৰ বিল্বেশ্বৰ দেৱালয়, বালিকৰিয়াৰ বাসুদেৱ মন্দিৰতো সেৱা লয়। ব’হাগ বিহুৰ সময়ত বিজেপিয়ে সংকল্প লৈ আহিছে। ইপিনে, প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয়- ৫০০ বছৰ পিছত ভগৱান ৰাম নিজৰ ভূমিলৈ আহিছে| আজি ৰামনৱমীৰ দিনা অযোধ্যাত ৰামৰ প্ৰতিমূৰ্ত্তিত সূৰ্য তিলক পিন্ধোৱা হৈছে|এনে সময়ত তেওঁ ১২ বজাৰ লগে লগে উপস্থিত সকলোকে ম’বাইলৰ ফ্লাছ লাইট জ্বলাই অযোধ্যাৰ ৰাম মন্দিৰত চলি থকা পূজা-অৰ্চনাত যোগদান কৰিবলৈ আহ্বান জনোৱাৰ লগে লগে লক্ষাধিক ৰাইজে নিজৰ নিজৰ ম’বাইলৰ ফ্লাছ লাইট জ্বলাই সেৱা নিবেদন কৰে| মোদীয়ে ভাষণত লগতে ইয়াকো কয় যে ২০১৪ চনত মোদীয়ে ৰাইজৰ বাবে আশা লৈ আহিছিল, ২০১৯ চনত মোদীয়ে বিশ্বাস লৈ আহিছিল আৰু এইবাৰ ২০২৪ চনত মোদীয়ে গেৰান্টী লৈ আহিছে। মোদীয়ে যি গেৰান্টী দিব সেয়া হবই বুলি তেওঁ ভাষণত প্ৰকাশ কৰে। মোদীয়ে কয়, ব’হাগ বিহুৰ সময়ত বিজেপিয়ে সংকল্প পত্ৰ উলিয়াইছে। বিজেপিয়ে চবকা চাথ, চবকা বিশ্বাসৰ মন্ত্ৰক বিশ্বাস কৰে। আগন্তুক পাঁচ বছৰত তিনি কোটি নতুন ঘৰ বনোৱা হব বুলি প্ৰকাশ কৰি মোদীয়ে কয় সকলো জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে বিনামূলীয়া ঘৰ পাব,ৰেচন কাৰ্ড পাব,সংকল্প পত্ৰত ঘোষণা কৰা সকলো পাব। আনহাতে ৭০ বছৰৰ উৰ্ধৰ লোককো মোদীয়ে বেমাৰৰ শুশ্ৰূষা কৰাৰ দায়িত্ব লোৱা বুলি ঘোষণা কৰে। এয়া লগা হলে গৰীব,মধ্যম বৰ্গ, গাঁও, চহৰ সকলো লোকে এই সুবিধা পাব। বিজেপিয়ে কম দামত চোলাৰ পেনেল দিয়াৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত বিজুলী বিল ৰাহি হব। ইলেকট্ৰিক বাহন চলোৱাসকলে বিনামূলীয়াকৈ চাৰ্জ দিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। আনহাতে তিনি কোটি ভনীক লাখপতি দিদি হব পৰা সুবিধা প্ৰদান কৰিব বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে বিগত সময়ত মানুহক বিভিন্ন সমস্যাৰে জৰ্জৰিত কৰি ৰাখিছিল কিন্তু বিজেপিয়ে দেশত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ৬০ বছৰত কংগ্ৰেছ দলে কৰিব নোৱাৰা কাম বিজেপিয়ে ১০ বছৰত কৰি দেখুৱাইছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিকাশ হোৱা বুলি প্ৰকাশ কৰি মোদীয়ে বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ সংসদীয় সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনায়। নলবাৰীৰ বিশাল জনসমাৱেশ দেখি ব্ৰহ্মপুত্ৰৰ লগত তুলনা কৰি আপ্লুত হৈ মোদীয়ে কয়- আপোনালোকৰ এই বিশাল সভাৰ উপস্থিতি ব্ৰহ্মপুত্ৰৰ পানীতকৈ কম নহয়। অসমীয়াতে ক’লে- আকৌ এবাৰ মোদী চৰকাৰ। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ‘খাৰ খোৱা এচামিজ’ বুলিও উল্লেখ কৰে। তেওঁ বৰপেটা, কোকৰাঝাৰ, গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থীক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। আনহাতে, সভাত প্ৰধানমন্ত্ৰীগৰাকীক পাটৰ গামোচা আৰু অসমীয়াৰ বাদ্যযন্ত্ৰ কুৰকুৰীৰে সম্ভাষণ জনায়। ইপিনে বিশাল সভাখনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চমু ভাষনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীৰ হৈ অভিনন্দন জনাই আমাৰ অসম চাওলুং চুকাফা, লাচিত বৰবৰফুকন, মহাবীৰ চিলাৰায়ৰ দৰে পবিত্ৰ বীৰৰ সূৰ্য বীৰ্য্যৰে গৰ্বিত এই বীৰ ভূমিত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আমাৰ সকলোৰে আনন্দৰ বিষয়। বিশেষকৈ প্ৰজ্ঞাৰ নগৰী নলবাৰীত মোদীৰ পদাৰ্পন আমি গৌৰবেৰে সুঁৱৰিম। লোকসভা নিৰ্বাচনত ইতিমধ্যে অসমবাসীয়ে সিন্ধান্ত লৈছে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে ভোটদান কৰিবলৈ ৰাইজলৈ আহ্বান জনাই। প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে দায়িত্ব লোৱাৰ পিছত ২৭ বাৰকৈ অসম ভ্ৰমন, চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, ১৪৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমুৰ্তি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বৰদোৱাক সজাই পৰাই তোলা, মা কামাখ্যাৰ ক’ৰিডৰ নিৰ্মানেৰে আজি চৌপাশে অসমখনক আগুৱাই নিয়াত মোদীয়ে এক গুৰুত্বপূৰ্ন ভূমিকা পালন কৰিছে। অসমীয়াৰ গামোচা পিন্ধি আমাৰ প্ৰধানমন্ত্ৰীয়ে চাৰে তিনি কোটি অসমীয়াক গৰ্বিত কৰিছে। মই বিশ্বাস কৰো মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৱ আৰু ভাৰত বিশ্ব গুৰু হৱ।আমি ভাৰতৰ ভিতৰৰ অসম এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। এইবাৰৰ নিৰ্বাচনত আমি ১৪খন আসনৰ ভিতৰত ১৪খনতেই বিজয়ী হৱলৈ সক্ষম হম। নিৰ্বাচনৰ পিছত লাখপতি বাইদেউৰ লগতে লাখপতি ভিনদেউ হৱ বুলি দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে, ৩নং বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী বিশাল প্ৰচাৰ জনসভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই চমু ভাষনত মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ লক্ষ্যৰে আজিৰ এই সংকল্প সমাবেশৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি কয় মোদীৰ নেতৃত্বতত দেশত যিধৰনেৰে উন্নয়ন হৈছে ২০৪৭ চনত বিশ্বত একমাত্ৰ দেশ হৱ ভাৰত। ইউপিপিএলৰ সভাপতি তথা বিটিচি চীফ প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰী মোদীক দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে আখ্যা দি কয় তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৱলৈ গৈ আছে মোদী। অগপ সভাপতি অতুল বড়াই বিজেপি চৰকাৰৰ দিনত উন্নয়ন ত্বৰাম্বিত হোৱা বুলি উল্লেখ কৰি কয় এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে। তেওঁ লগতে কংগ্ৰেছ চৰকাৰকো সমালোচনা কৰে। নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইবাৰৰ নিৰ্বাচনত অসমত ৰেকৰ্ড হৱ বুলি উলেখ কৰি ১৪খনৰ ভিতৰত ১৪খনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে জলমগ্ন হৈ থকা সভাস্থলীৰ পানী নিষ্কাশনৰ বাবে পুৱাৰে পৰা ব্যস্ত হৈ পৰে বিজেপিৰ নেতা-কৰ্মী সকলে। কালি আৰু আজি পুৱাৰ ভাগত বৰষুন অহাত জনসভাৰ খেলপথাৰখন পানী আৰু বোকাৰে পৰিপূৰ্ন হৈ পৰে। তথাপি বোকাময় পৰিস্থিতিৰ মাজেৰে সভাস্থলীলৈ আহে লক্ষাধিক লোক। আনহাতে, সভাখনত নিজৰ চমু ভাষন দি বৰপেটা লোকসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰীয়ে ৰাইজক ভোট ভিক্ষা খোজে।সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিত কুমাৰ দাস, কেশৱ মহন্ত, সাংসদ কুইন ওজা, গুৱাহাটী সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, কোকৰাঝাৰৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীকে ধৰি দলৰ বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like