নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস পালন

🔹 প্ৰাচীৰ পত্ৰিকা ‘গৱাক্ষ’ উন্মোচন

নিয়মীয়া বাৰ্তা,  ১০ ডিচেম্বৰ : তিতাবৰ মহকুমাৰ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি বৰহোলাত শ্বহীদ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগে আৰু শ্বহীদ তৰ্পণ কৰে তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাৰ্ধুয পাঠকে। কাৰ্যসূচীৰ আঁত ধৰে বৰহোলা আছুৰ উপ-সভাপতি অতুল চুতীয়াই। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি ‘গৱাক্ষ’ নামৰ তৃতীয় বৰ্ষৰ তৃতীয় সংখ্যাৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দ্বীপেন শইকীয়াই। পত্ৰিকা উন্মোচন কৰি শইকীয়াই ভাষণত কয় যে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই আজিৰ বিশেষ দিনটোত প্ৰকাশ কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকাখনে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। এনে আদৰণীয় পদক্ষেপ ভৱিষ্যতেও গ্ৰহণ কৰি যাবলৈ আছু কৰ্মীসকলক আহ্বান জনায় দ্বীপেন শইকীয়াই। অনুষ্ঠানত সেউজী কানন শাখা সাহিত্য সভাৰ সভানেত্ৰী ৰূপা নেওগ হাজৰিকা, বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড আদিয়ে উপস্থিত থাকিও চমু বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিগন্ত বৰা, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক অংকুৰ সোণোৱাল, কুকীমণি শইকীয়া, প্ৰিয়দৰ্শিনী চেতিয়া, উৎপল সোণোৱাল, অজয় ৰবিদাসৰ লগতে আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া, বৰহোলা মহাবিদ্যালয় আছু গোটৰ বিষয়ববীয়া, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া আৰু প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

প্ৰেৰক অজয় শইকীয়া

You might also like