নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনীত বিজেপি নেতাৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ

ডিজিটেল ডেস্ক, ১৬ মে’ : চিৰাং জিলাৰ বিজনী মহকুমাত মাজনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ১৮নং মানাস ছেৰফাং মণ্ডল বিজেপিৰ সভাপতি বিপুল সৰকাৰৰ ঘৰত আৰু  বিষ্ণুপুৰ ভি চি ডি চিৰ প্ৰাক্তন অধ্যক্ষ গদাধৰ দাসৰ ঘৰত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, মাজনিশা এদল দুৰ্বৃত্তই গদাধৰ দাসৰ ঘৰত প্ৰৱেশ কৰি সা-সামগ্ৰী লণ্ডভণ্ড কৰে। আনহাতে, বিপুল সৰকাৰৰ ঘৰতো প্ৰায় ৫জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায় বুলি জানিব পৰা গৈছে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ পাছতে স্থানীয় লোকসকলৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হৈছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

You might also like