নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত প্ৰকৃতিৰ ৰুদ্ৰৰূপ, ধাৰাসাৰ বৰষুণত ভাঙিল আৰ চি চি দলং

ডিজিটেল ডেস্ক, ১৬ মে’ : হাইলাকান্দিত প্ৰকৃতিৰ ৰুদ্ৰৰূপ। ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰিল এখন গুৰুত্বপূর্ণ আৰ চি চি ব্ৰীজ। ফলত পাঁচগ্ৰামৰ সৈতে মুকাম কুটিৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।

অবিৰাম বৰষুণত বিপৰ্যস্ত হৈ পৰিছে হাইলাকান্দি জিলাৰ একাধিক এলেকা। ইয়াৰ মাজতে পাঁচগ্ৰামৰ পৰা মুকাম কুটিলৈ যোৱা পথৰ ওপৰত থকা এখন গুৰুত্বপূর্ণ আৰ চি চি ব্ৰীজ হঠাৎ ভাগি পৰে। ব্ৰীজখনৰ এটা অংশ খহি যোৱাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যান-বাহনৰ চলাচল।

এই পথটোৰ ওপৰত নিৰ্ভৰশীল কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ লোক। দলংখন ভাঙি যোৱাৰ ফলত নিত্য প্ৰয়োজনীয় সামগ্ৰী অনা-নিয়া, স্কুল-কলেজলৈ যাতায়াত আৰু জৰুৰী চিকিৎসা সেৱাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। ফলত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

You might also like