বিজেপিৰ মিছন-২০২৪ঃ ‘অব কী বাৰ ৪০০ পাৰ’
- চলিত বৰ্ষতে ১০০ ৰেলীৰে ৰণক্ষেত্ৰত নামিব মোদী
- প্ৰধানমন্ত্ৰীৰ সমান্তৰালভাৱে কেন্দ্ৰীয় মন্ত্ৰীসকলেও কৰিব ভ্ৰমণ
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: ক্রমাগতভাৱে তৃতীয়বাৰলৈ দেশৰ ক্ষমতাৰ বাঘজৰী হস্তগত কৰিবলৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে৷ উত্তৰ–পূর্বাঞ্চলৰ তিনি ৰাজ্য ক্রমে ত্রিপুৰা, মেঘালয় আৰু নাগালেণ্ডত চৰকাৰ গঠনৰ পাছত আত্মবিশ্বাস তুংগত উঠা দলটোৱে ‘মিছন–২০২৪’ত দুগুণ উৎসাহেৰে নামি পৰিছে৷ ইতিমধ্যে আগন্তুক লোকসভা নির্বাচনৰ কাৰণে বিজেপিয়ে চূড়ান্ত কৰিছে সু–পৰিকল্পিত ব্লু–প্রিণ্ট৷ সন্দেহ নাই, বিজেপিক নির্বাচনী ৰণক্ষেত্রত সমুখৰ পৰা পুনৰ নেতৃত্ব দিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ‘অব কী বাৰ ৪০০ পাৰ’– এই শ্লোগানটোৰেই ২০২৪ৰ লোকসভা নির্বাচনত বিজেপিয়ে দেশবাসীৰ কাষ চপাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ অর্থাৎ শাসকীয় এন ডি এক নেতৃত্ব দিয়া বিজেপিৰ টার্গেট হ’ব দেশৰ ৪০০টাতকৈও অধিক সংসদীয় সমষ্টি দখল কৰা৷ দলটোৰ এক শীর্ষস্থানীয় সূত্রই দাবী কৰা অনুসৰি বিজেপিৰ কাৰণে এই লক্ষ্য কোনো কাৰণতে অবাস্তৱ নহ’ব৷ কিয়নো ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নির্বাচনৰ ফলাফলেই ইয়াৰ বাস্তৱ পটভূমি৷ ২০১৪ চনত বিজেপিৰ লক্ষ্য আছিল ‘মিছন ২৭+’৷
সেইদৰে ২০১৯ চনত লোকসভা নির্বাচনত প্রধানমন্ত্রী মোদীয়ে ‘অব কী বাৰ ৩০০ পাৰ’ শ্লোগান দিছিল৷ সেইমতে বিজেপিয়ে জয়ী হৈছিল ৩০৩খন আসনত৷ ২০২৪ চনত অনুষ্ঠিতব্য লোকসভা নির্বাচনত দলৰ লক্ষ্য সাকাৰ কৰিবলৈ ইতিমধ্যে দলৰ ৰাষ্ট্রীয় নেতৃত্বই সকলো ধৰণৰ ৰণকৌশল প্রস্তুত কৰি উলিয়াইছে৷ এই প্রসংগত সূত্রটোৱে সদৰী কৰা অনুসৰি চলিত বর্ষতে খোদ প্রধানমন্ত্রী মোদীয়ে ১০০খন বৃহৎ ৰেলীৰে নির্বাচনী ৰণক্ষেত্রত নামি পৰিব৷ নতুন প্রকল্পৰ আধাৰশিলা তথা ইতিপূর্বে শিলান্যাস কৰা প্রকল্পৰ উদ্বোধনেৰে প্রধানমন্ত্রী মোদীয়ে কাষ চাপিব দেশবাসীৰ৷ আগন্তুক লোকসভা নির্বাচনক লক্ষ্য হিচাপে লৈ বিজেপিৰ আন এক ৰণকৌশল হ’ল পশ্চিমবংগ, ওড়িশা আৰু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব প্রদানেৰে সাংগঠনিক ভেটি শক্তিশালী কৰা৷ ইতিমধ্যে পশ্চিমবংগ, ওড়িশা আৰু দক্ষিণ ভাৰতত ১৬০টা লোকসভা সমষ্টিক দলটোৱে চিনাক্ত কৰি উলিয়াইছে৷ য’ত প্রধানমন্ত্রী মোদীয়ে নিজে জনসভাত অংশ লোৱাৰ সমান্তৰালভাৱে কেন্দ্রীয় মন্ত্রীসকলেও ভ্রমণ কৰিব৷ এই ১৬০টা লোকসভা সমষ্টিত অহা সময়ছোৱাত যুদ্ধংদেহি ৰূপত সাংগঠনিক ভেটি সুদৃঢ়কৰণ তথা নির্বাচনী প্রচাৰ চলোৱা হ’ব বুলি সূত্রটোত প্রকাশ৷
মহিলা আৰু সংখ্যালঘুসকলক প্রাধান্য দিয়াৰ আন এক নির্বাচনী ৰণনীতিও বিজেপিয়ে গ্রহণ কৰিছে৷ ইয়াৰ বাবে চৰকাৰী আঁচনিসমূহ জনসাধাৰণৰ কাষ চপাই নিবলৈ দলীয় নেতা–কর্মীসকলক নির্দেশনা দিয়াৰ লগতে বিশেষভাৱে কামত লগোৱা হৈছে মর্চাসমূহকো৷ এই সম্পর্কত সূত্রটোৱে জানিবলৈ দিয়া মতে, মহিলা মর্চাই ইতিমধ্যে পঞ্চায়ত পর্যায়ত মোদী চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলক সংযোগকৰণৰ বাবে ‘কমল দূত’ শীর্ষক এক কার্যসূচী গ্রহণ কৰিছে৷ সেইদৰে সংখ্যালঘু মর্চাই ১০খন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলত চিনাক্ত কৰি উলিয়াইছে সংখ্যালঘু অধ্যুষিত ৬০টা সংসদীয় সমষ্টি৷ ৩০ শতাংশতকৈ অধিক সংখ্যালঘু জনবসতি থকা এই সংসদীয় সমষ্টিসমূহত যাতে অতি কমেও ৫ হাজাৰ নতুন সদস্য ভুক্তি কৰিব পৰা যায়, তাৰ বাবে সংখ্যালঘু মর্চাই এক কার্যসূচী হাতত ল’ব৷ কিষাণ মর্চাকো ইতিমধ্যে দলীয় কাম–কাজৰ বাবে বিশেষভাৱে নির্দেশনা প্রদান কৰা হৈছে৷ যোৱা ২৪ ফেব্রুৱাৰী ‘প্রধানমন্ত্রী কিষাণ সন্মান নিধি’ৰ চতুর্থ বর্ষপূর্তি উপলক্ষে দেশৰ প্রতিখন জিলাতে কিষাণ মর্চাই অনুষ্ঠিত কৰিছে এক বিশেষ কার্যসূচী৷
ইফালে লোকসভা নির্বাচনত দলৰ প্রচাৰ অভিযানত কেনেধৰণৰ কৌশল গ্রহণ কৰা হ’ব, তাৰ বাবে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ইতিমধ্যে এখন তিনিজনীয়া কমিটী গঠন কৰি দিছে৷ এই কমিটীখনত অন্তর্ভুক্ত হৈছে দলৰ শীর্ষ নেতা সুনীল বাঞ্চাল, বিনোদ টাৱড়ে আৰু তৰুণ চুখ৷ দলৰ বিভিন্ন মর্চা–বিভাগ, বিধায়ক আৰু সাংসদসকলে কেনেধৰণে জনসাধাৰণৰ কাষ চাপিব, সেই সকলো দিশ এই কমিটীখনে পর্যবেক্ষণ কৰি এই সন্দর্ভত ৰাষ্ট্রীয় নেতৃত্বক প্রতিবেদন দাখিল কৰিব৷ লগতে যদি এনেধৰণৰ কর্মসূচীত কিবা পৰিৱর্তন বা সংযোগ কৰিব লাগে, তেন্তে সেই সম্পর্কতো কমিটীখনে ৰাষ্ট্রীয় নেতৃত্বক পৰামর্শ আগবঢ়াব৷ বিভিন্ন ৰাজ্য তথা সাংগঠনিক স্তৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই কমিটীখনে প্রধানমন্ত্রী মোদী, ৰাষ্ট্রীয় সভাপতি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহসহ দলৰ ষ্টাৰ কেম্পেইনাৰসকলক সভা–সমিতি অনুষ্ঠিত কৰা সন্দর্ভতো অৱগত কৰিব এই কমিটীখনে৷
সূত্রটোৱে জানিবলৈ দিয়া মতে, তিনিজনীয়া কমিটীখনে সামগ্রিকভাৱে প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ দিশসমূহ পর্যবেক্ষণ কৰাৰ উপৰি দলৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্রীয় মন্ত্রীসকলকো ইতিমধ্যে নির্বাচনী দায়িত্বত নিয়োজিত কৰা হৈছে৷ যাতে প্রতিটো পর্যায়তে সমন্বয় ৰক্ষা কৰে৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ তিনি ৰাজ্যৰ পাছত বিজেপিয়ে লোকসভা নির্বাচনৰ বাবে এনেধৰণে ব্লু–প্রিণ্ট সাজু কৰি তুলিলেও আন ছখন ৰাজ্যৰ বিধানসভা নির্বাচনক কেন্দ্র কৰিও তৎপৰতা অব্যাহত ৰাখিছে৷ লোকসভাৰ পূর্বে উত্তৰ–পূর্বাঞ্চলৰ আন এখন ৰাজ্য মিজোৰামৰ উপৰি কর্ণাটক, ছত্তিশগড়, মধ্যপ্রদেশ, ৰাজস্থান আৰু তেলেংগানাত নির্বাচন অনুষ্ঠিত হ’ব৷ সেয়েহে এই ছখন ৰাজ্যৰ বিধানসভা নির্বাচনেও দেশৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত বিজেপিৰ বাবে যথেষ্ট গুৰুত্ব বহন কৰিছে৷