নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বিধানসভাৰ বাজেট অধিৱেশনঃ ১৬ মার্চত বিত্ত মন্ত্রীয়ে দাখিল কৰিব ২০২৩–২৪ বিত্তীয় বর্ষৰ বাজেট

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন৷ আজি পুৱা ৯ বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় এই অধিৱেশনৰ প্রথম দিনৰ কার্যসূচী৷ অহা ৫ এপ্রিললৈ চলিবলগীয়া এই অধিৱেশনৰ মুঠ কর্মদিন ২১ দিন৷ অৱশ্যে কার্যতঃ সদন চলিব ১৪ দিন৷ ২২ মার্চৰ পৰা ২৮ মার্চলৈ বিধানসভাৰ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী কমিটীসমূহৰ বৈঠক অনুষ্ঠিত হ’ব৷

আনহাতে, অহা ১৬ মার্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২৩–২৪ বিত্তীয় বর্ষৰ বাজেট৷ বিধানসভাৰ প্রধান সচিব হেমেন দাসে সংবাদ মাধ্যমৰ আগত কয় যে বিধানসভা সচিবালয়ে এতিয়ালৈ দুখন বিল চৰকাৰৰ পৰা লাভ কৰিছে আৰু চাৰিখন বিলৰ জাননী লাভ কৰিছে৷ এইবাৰৰ অধিৱেশন যিহেতু দীঘলীয়া, সেয়ে অনাগত দিনত আৰু বিল অহাৰ সম্ভাৱনা আছে৷

আনহাতে, বিধানসভাৰ বাজেট অধিৱেশনক লৈ শাসক–বিৰোধীয়ে ৰণনীতি প্রস্তুত কৰিছে৷ বিৰোধীয়ে চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতিক সদনৰ মজিয়াত উন্মোচিত কৰাৰ ৰণকৌশল গ্রহণ কৰাৰ বিপৰীতে শাসক দল বিজেপি মিত্রজোঁটে সদনৰ মজিয়াত বিৰোধীৰ প্রতিটো ইছ্যুৰ ওপৰত তথ্যভিত্তিক উত্তৰ দি বিৰোধীক ধৰাশায়ী কৰাৰ ৰণকৌশল নির্ধাৰণ কৰিছে৷

You might also like