নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ শালমাৰাত ৱাজেদ আলীৰ ভেটি কঁপাই শক্তি প্ৰদৰ্শন বিজেপিৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ কংগ্ৰেছী নেতা তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ গৃহ ব্ল’ক বীৰসিং প্ৰথম খণ্ড অঞ্চলত আজি বিশাল এক নিৰ্বাচনী সভাৰে শক্তি প্ৰদৰ্শন কৰে বিজেপিয়ে। প্ৰচণ্ড ৰ’দ আৰু গৰমকো নেওচি অঞ্চলটোৰ কেইবা হাজাৰ পুৰুষ-মহিলা উপস্থিত থকা সেই সভাখনত মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নিজৰ ভাষণত ৰাইজক নিজৰ নিজৰ ভোট নষ্ট নকৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত ধুবুৰী লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী জাবেদ ইছলামক ভোট দিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিবোৰৰ সুফল বীৰসিং অঞ্চলৰ ৰাইজে পাই থকা বুলি উনুকিয়ায়। উল্লেখ্যনীয় যে আজি প্ৰথমবাৰ সংখ্যালঘু জনবসতিৰ বীৰসিঙত লোকসভা নিৰ্বাচনকেন্দ্ৰিক এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলে বিজেপিয়ে। নিৰ্বাচনী সভাখনৰ অন্তত সাংবাদিকৰে হোৱা কথা বতৰাত ৭ জুনত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ চাৰিখন আসনতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হ’ব বুলি দাবী কৰে মন্ত্ৰী দাসে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এইবাৰ সংখ্যালঘু সম্প্ৰদায়ে বিজেপিগামী হোৱাৰ কাৰণে ৰূপে ৰেচন কাৰ্ডকে ধৰি ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ সুফল বুলি মন্তব্য কৰে তেওঁ। আজিৰ এই নিৰ্বাচনী সভাখনত ধুবুৰী জিলা বিজেপিৰ জ্যেষ্ঠ নেতা দীপক কুমাৰ সাহা, জিলা বিজেপিৰ সাধাৰণ সম্পাদক ভাগীৰথ ওঝা প্ৰমুখ্যে বিজেপিৰ বিভিন্ন স্তৰৰ কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like