নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত‌ এবিভিপিৰ ভোটাৰ সজাগতা অভিযান

🔴এখন সুৰক্ষিত অসমৰ স্বাৰ্থত সকলোৱে ১০০% ভোটদান কৰক : হেৰল্ড মহন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ এপ্ৰিলঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম প্ৰদেশৰ দ্বাৰা আগন্তুক লোকসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান সজাগতা অভিযানৰ পোষ্টাৰ, ষ্টীকাৰ বিলাই ভোটাৰ সজাগতা অভিযান চলোৱা হয়। ১০০% ভোটদানৰ এই সজাগতা অভিযানৰ সন্দৰ্ভত আজি ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰিবলৈ বিদ্যাৰ্থী পৰিষদ দৃঢ় প্ৰতিজ্ঞাবদ্ধ। বিদ্যাৰ্থী পৰিষদে অসমৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদত নতুন ভোটাৰ সকলক নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান কৰিব আৰু সমগ্ৰ ৰাজ্যত দুহাজাৰতকৈও অধিক সজাগতা সভা অনুষ্ঠিত কৰিব। গণতন্ত্ৰৰ এই মহান উৎসৱৰ সময়ত ভোটাৰসকলৰ মাজত সজাগতা অভিযান চলাই দেশৰ সৰ্বাংগীন বিকাশৰ বাবে নিজৰ ভোট দান কৰিবলৈ আহ্বান কৰিব। আজি সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি পাইছে। আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনৈতিক মহাশক্তি হিচাপে গঢ় লৈছে।‌ বৰ্তমান সময়ত আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী ভাৰতৰ বাবে দেশৰ যুৱক-যুৱতীসকলে কেৱল চাকৰি পিছতেই নহয় ষ্টাৰ্টআপ উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি আমাৰ দেশ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা শক্তিশালী হৈ পৰিছে। দেশৰ আন্তঃগাঁথনি দ্ৰুত গতিত বিকশিত হৈছে, সেয়া ৰাজপথৰ আন্তঃগাথঁনিয়েই হওক বিদ্যুৎ, পানী, স্বাস্থ্য বা শিক্ষাৰেই হওক, সমাজৰ প্ৰতিটো খণ্ডতে উন্নতি হৈছে। আজিৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক- যুৱতীসকলে দেশৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰি ১০০ শতাংশ ভোটদান কৰক।দেশৰ ঐক্য আৰু অখণ্ডতা অক্ষত ৰখাৰ কাম কেৱল এখন শক্তিশালী আৰু সুস্থিৰ চৰকাৰেহে কৰিব পাৰিব। ভাৰতৰ পৰম্পৰা,সংস্কৃতি, ভাৰতবৰ্ষক আৰু অধিক শক্তিশালী কৰিবলৈ হ’লে আমি এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি ১০০ শতাংশ ভোটদান কৰাৰ প্ৰয়োজন। ভাৰতবৰ্ষত ভাৰতকেন্দ্ৰিক শিক্ষাৰ ব্যৱস্থাৰ বাবে বিদ্যাৰ্থী পৰিষদে দাবী জনাই আহিছে তাৰেই ফলস্বৰূপে বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষা নীতি অনা হৈছে আৰু ইয়াক দেশৰ শিক্ষাব্যৱস্থাত অতিশীঘ্ৰে ৰূপায়ন কৰাৰ প্ৰয়োজন। আজি বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীয়ে অবৈধভাৱে দখল কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ বৃহৎ ভূমি বেদখলকাৰী সকলৰ পৰা মুকলি কৰাৰ কাম চলি আছে। আগন্তুক সময়ত অসমীয়া আৰু ভাৰতীয় পৰম্পৰাৰ ধ্বজাবাহক ঐতিহ্যপূৰ্ণ স্থান সমূহ অবৈধ অনুপ্ৰবেশকাৰী সকলৰ দখলৰ পৰা মুক্ত কৰি নতুনকৈ নিৰ্মাণ কৰিব লাগে। যোৰহাটত মহাবীৰ লাচিত বৰফুকনৰ বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে ইয়াৰ ওপৰিও লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী নতুন দিল্লীত উদযাপন কৰি তেওঁৰ বীৰত্বক ৰাষ্ট্ৰীয় দৃশ্যপটলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে। যেনেকৈ কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI আৰু আছুৱে মা কামাখ্যা আৰু লাচিত বৰফুকনৰ প্ৰতিচ্ছবি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত ভৰিৰে লঠিয়াই অপমান কৰি জ্বলাই দিলে, তাৰ বিৰুদ্ধে অসমৰ যুৱক-যুৱতীসকলে ভোট প্ৰদান কৰিব আৰু যিমান পাৰে ভোট দিবলৈ আনকো উৎসাহিত কৰিব ।

You might also like