নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড০ তুলিৰাম ৰংহাঙৰ প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল : ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত শাসকীয় বিজেপি দল আগবাঢ়ি আছে। দিল্লী-দিছপুৰ- ডিফু নিজৰ দখলত থকা অৱস্থাত বিৰোধীয়ে মূৰ দাঙি উঠিব পৰা নাই তিনি পাৰ্বত্য জিলাত। প্ৰতিদিনে অনুষ্ঠিত হৈছে বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত জনাকীৰ্ণ সভা। কেতিয়াবা আকাশমাৰ্গ আৰু কেতিয়াবা স্থলপথেৰে সভাত উপস্থিত হৈছেহি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং। দেশত পুনৰবাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব বুলি উল্লেখ কৰি ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ চাৰি লাখ ভোটত জয়ী হ’ব বুলি সভাত মন্তব্য কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ। মঙলবাৰে লাংফেৰ পৰিষদীয় সমষ্টিৰ বকলীয়াঘাটত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাশ লোকে বিৰোধী শিবিৰ ত্যাগ কৰি বিজেপিত যোগদান কৰে । সভাত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’, ডিফুৰ সাংসদ হৰেণছিং বে’, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, হাওৰাঘাটৰ দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সদস্য আৰু কাৰ্যবাহী সদস্যসকল, কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি সহ দলীয় নেতা কৰ্মী সদস্য সমৰ্থকসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে মঙলবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ হাওৰাঘাট সমষ্টিৰ বেলগুৰিতো বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড০ তুলিৰাম ৰংহাঙে ভোটাৰ ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে ডিফু লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ক বিপুল ভোটত জয়ী কৰাই উন্নয়নমুখী হ’বলৈ আহ্বান জনায়।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like