নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে নির্বাচনত একক সংখ্যাগৰিষ্ঠতা পাবঃ সোণোৱাল

শ্বহীদক অপমান কৰাটো চৰকাৰে সহ্য নকৰে

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ বিজেপি দলে অকলেই লাভ কৰিব মেজিক নম্বৰ৷ মিত্রজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত৷ – এই দাবী কৰি মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সর্থেবাৰীৰ সমীপৰ নসত্র কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ পুৱা ১১.৩০ বজাত আধ্যাত্মিক চিন্তা–চর্চাৰ কেন্দ্রস্থল কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে প্রথম পর্যায়, দ্বিতীয় পর্যায় আৰু তৃতীয় পর্যায়ত অসমৰ ৰাইজে বিজেপি প্রার্থীক হিয়া উজাৰি ভোটদান কৰিছে৷ যাৰ বাবে এইবাৰ অসমত বিজেপিয়ে অকলেই চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ লাভ কৰাৰ লগতে মিত্রজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে৷ একেদৰে অসমৰ ৰাইজে শৃংখলিতভাৱে নির্বাচন সমাপন কৰাত বিশেষ ভূমিকা লোৱাৰ বাবে অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

আনহাতে, কোনো শ্বহীদক অপমান কৰাটো চৰকাৰে সহ্য নকৰে বুলি মন্তব্য কৰি শ্বহীদক অপমানসূচক মন্তব্য কৰা শিখা শর্মাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ একেদৰে ক’ৰোনা সম্পর্কত প্রধানমন্ত্রীৰ নির্দেশ অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

উল্লেখ্য যে বুধবাৰে কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রথমতে সুবর্ণ কুডত প্রৱেশ কৰি কৃষ্ণগুৰু এক নাম জপ কৰে৷ ইয়াৰ পাছতে কৃষ্ণগুৰু সেৱাশ্রমৰ আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্রেমানন্দ প্রভুক সাক্ষাৎ কৰে৷ দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ বাবেই নির্বাচন অন্ত হোৱাৰ পাছত আজি এইদৰে কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আধ্যাত্মিক গুৰুগৰাকীৰ আশিস গ্রহণ কৰে৷ গুৰুগৃহত প্রৱেশ কৰি প্রায় এঘণ্টা সময় অতিবাহিত কৰি গুৰুগৃহতে অন্ন গ্রহণ কৰে৷ ইয়াৰ পাছতেই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পোনে পোনে বজালীৰ ভাৰেগাঁৱৰ বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহলৈ ৰাওনা হয়৷ উল্লেখ্য যে  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগত সাংসদ তপন কুমাৰ গগৈ, লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা, মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীও নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হয়৷

You might also like