নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রতিষ্ঠা দিৱস পালন

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠৰ কর্মচাৰী সন্থাই ন্যায়ালয়ৰ প্রশাসনৰ সহযোগত ৭৩সংখ্যক প্রতিষ্ঠা দিৱসটো নানা আকর্ষণীয় কার্যসূচীৰে ৫ এপ্রিলত অনুষ্ঠিত কৰাৰ কথা জানিব পৰা গৈছে৷

আড়ম্বৰপূর্ণ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ন্যায়ালয়ৰ চৌহদত সম্পন্ন কৰা বৃক্ষৰোপণ আৰু গছপুলি বিতৰণ কার্যসূচীত মুখ্য ন্যায়াধীশৰ লগতে অনান্য ন্যায়াধীশসকলেও অংশগ্রহণ কৰে৷

ন্যায়ালয়ৰ প্রশাসনে পৃষ্ঠপোষকতা কৰা আৰু সমূহ কর্মচাৰীয়ে পূর্ণ সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটো অইন বেলিতকৈব্যতিক্রম ধৰণে অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে৷

You might also like