নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাগাঁৱত কেট ফিছ উদ্ধাৰ

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ  বৰাগাঁৱত বুধবাৰে এটা দুষ্প্রাপ্য কেট ফিছ উদ্ধাৰ কৰা হয়৷ জানিব পৰা মতে বৰাগাঁৱৰ এটা খালত এজন ব্যক্তিয়ে মাছ ধৰোঁতে এই কেট ফিছটো ধৰা পৰে৷ পিছত এই কেট ফিছটো প্রত্যক্ষ কৰিবলৈ বহু লোকে বৰাগাঁৱত ভিৰ কৰা পৰিলক্ষতি হয়৷

পৰৱর্তী সময়ত কেট ফিছটো স্থানীয় লোকে বন বিভাগক গতাই দিয়ে বুলি জানিব পৰা গৈছে৷ বৰাগাঁৱৰ খালত কেট ফিছটো ক’ৰ পৰা ওলাল এই সন্দর্ভত সবিশেষ জানিব পৰা হোৱা নাই৷

You might also like