নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯০খনতকৈ অধিক আসন লাভ কৰি বিজেপিয়ে

অংকুৰ দাসৰ নাম ২৫ বছৰ মই শুনা নাই। অংকুৰ দাসে দিগন্ত কলিতাৰ ভোট নষ্ট কৰিবলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে

কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়া জাজিকোনা ৰাস মহোৎসৱ প্ৰাংগনত আজি বিয়লি বিজেপিয়ে এখন বিশাল জনসভা অনুষ্ঠিত কৰি সমাগত বিধানসভা নিৰ্বাচনৰ ৰনডংকা বজায়। কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী দিগন্ত কলিতাৰ সমৰ্থনত প্ৰায় কুৰি সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে কমলপুৰ সমষ্টি নতুনকৈ গঠিত হৈছে।

সমষ্টি পুনৰ গঠন অনুসৰি প্ৰথম বাৰৰ বাবে নতুন কমলপুৰ সমষ্টিত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।এইবাৰ জালুকবাৰী সমষ্টিৰ এটা অংশ কমলপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। যোৱা ২৫ বছৰ ধৰি মোৰ কৰ্মভুমি আছিল জালুকবাৰী সমষ্টি।

এদিনো প্ৰচাৰ নকৰাকেই জালুকবাৰী সমষ্টিৰ ৰাইজে মোক জয়ী কৰি আহিছিল।যাৰ বাবে প্ৰথম পুৰণি জালুকবাৰী সমষ্টিৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা কমলপুৰ সমষ্টিত ৰাইজে দিগন্ত কলিতা আৰু মোক ধৰি দুজন বিধায়ক পাব।

অহা পাচ বছৰত ভাবিব নোৱাৰাকৈ কাম কৰিম। দুয়ো জনে কাম কৰিলে বহু দূৰ আগুৱাই নিব পাৰিম কমলপুৰ সমষ্টি। কোনো দাবী নকৰাকৈ আমি হিয়া উজাৰি কাম কৰি দেখুৱায় ৰাইজক। জনসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতা আগতে পি ডব্লিউ দি মন্ত্ৰী আছিল নেকি বুলি প্ৰশ্ন কৰে।

সত্যব্ৰত কলিতাই কৃতজ্ঞতা বুজি নাপায়। ভৱিষ্যতে কংগ্ৰেছৰ চৰকাৰ নাহে। অংকুৰ দাস, সত্যব্ৰত কলিতাই চৰকাৰ গঠন কৰিব নোৱাৰে। আমি কেতিয়াও ভেনচাৰ বিধায়ক নিৰ্বাচিত নকৰোঁ। অংকুৰ দাসৰ নাম ২৫ বছৰ মই শুনা নাই।

অংকুৰ দাসে দিগন্ত কলিতাৰ ভোট নষ্ট কৰিবলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ৯০ খনতকৈও অধিক আসন লাভ কৰি বিজেপিৰ চৰকাৰ গঠন কৰিব। একমাত্ৰ উন্নয়নৰ বাবে বিজেপিৰ চৰকাৰ গঠন হ’ব।

কংগ্ৰেছৰ চৰকাৰ বাংলাদেশ, পাকিস্তানত গঠন হ’ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে দাবী কৰি কয় যে পাচ বছৰত ১ লাখ ৬৫ হাজাৰক চাকৰি দি দেখুওৱা দিলোঁ। এইবাৰ ২ লাখ ল’ৰা ছোৱালীক চাকৰি দিম। ৪০ লাখ মহিলাক ১০ হেজাৰ টকা দি মুখত হাঁহি বিৰিঙাই দিলে।

চৰকাৰ গঠনৰ পিছত এইবাৰ ২৫ হেজাৰ টকা দিব মহিলা সকলক। ১০ হেজাৰ অতিৰিক্ত অৰুণোদয় আঁচনি দিব কমলপুৰ সমষ্টিত। দুখীয়া পৰিয়ালক ৰেচনৰ লগত এক লিটাৰ মিঠাতেল দিব চৰকাৰ গঠন হ’লে।

কংগ্ৰেছে সদায় ধূতি,লুঙি ,সূতা,আঠুৱা,কম্বল দিব জানে। এইবিলাক উন্নয়নৰ আঁচনিৰ কথা নাজানে। কংগ্ৰেছে কেৱল বাংলাদেশৰ পৰা বাংলাদেশী আনি সংস্থাপিত কৰিলে। কমলপুৰ সমষ্টিৰ আধৰুৱা ৰাস্তা,দলং, ষ্টেডিয়াম আদি সকলো কাম ৫ বছৰত শেষ কৰিম।

কমলপুৰ সমষ্টিত আগন্তুক পাচঁ বছৰত বিকাশৰ গংগা নমাই আনিব হিমন্ত বিশ্ব শৰ্মাই। দিগন্ত কলিতাৰ সমৰ্থনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় এক ঘন্টা ভাষন প্ৰদান কৰা নিৰ্বাচনী প্ৰচাৰ সভাত কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক যাদৱ ডেকা, বিশিষ্ট সমাজকৰ্মী মদন চন্দ্ৰ ডেকা,তিলক চন্দ্ৰ চৌধুৰী,বেজেৰা শিঙাৰপাৰা জিলা পৰিষদৰ সদস্য কিৰণ চন্দ্ৰ কাকতি, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ভাস্কৰ জ্যোতি কলিতা আৰু বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি নয়নমণি বড়া উপস্থিত আছিল।

নিয়মীয়া বাৰ্তা, বেজেৰা, ৩১ মাৰ্চ 

You might also like