নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণা গোস্বামীৰ অপমানসূচক মন্তব্য : বিজেপি মহিলা মৰ্চাৰ নলবাৰী সমিতিৰ এজাহাৰ দাখিল

বিশেষ বাৰ্তা, ২৬ এপ্ৰিলঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতা ৰাণা গোস্বামীয়ে কিছুদিন পূৰ্বে বিজেপিৰ মহিলা কাৰ্যকৰ্তাক লৈ কৰা অপমানসূচক মন্তব্যক লৈ এতিয়া সৰ্বত্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিৰ মহিলা কাৰ্যকৰ্তাৰ সতীত্বৰ ওপৰত কৰা মন্তব্য বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিজেপিৰ মহিলা কাৰ্যকৰ্তাসকল। সেইমৰ্মে আজি কংগ্ৰেছী নেতা ৰাণা গোস্বামীয়ে বিজেপিৰ মহিলা কাৰ্যকৰ্তাৰ ওপৰত কৰা অপমানসূচক মন্তব্য বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰা হয়। বিজেপিৰ নলবাৰী জিলা মহিলা মৰ্চাৰ সভাপতি মাধৱী ৰাজবংশীৰ নেতৃত্বত মহিলা মৰ্চাৰ এটি সজাতি দলে নলবাৰী সদৰ থানাত উপস্থিত হৈ কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে মহিলাক লৈ কৰা অপমানসূচক মন্তব্যৰ বাবে শীঘ্ৰে কৰায়ত্ত কৰি উচিত শান্তি বিহিবলৈ নলবাৰী আৰক্ষীক আহ্বান জনাই বিজেপি নলবাৰী জিলা মহিলা মৰ্চাই ।

 

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like